Teacher beating students: শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ
নিউজ ডেস্ক,২০আগষ্ট : শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিক সীমাহীন অপকৰ্মৰে কলুষিত কৰি অহা একাংশ শিক্ষকে শৈক্ষিক ক্ষেত্ৰখনৰ সুনামত বিভিন্ন সময়ত লগাই আহিছে আঁচোৰ ৷ শিক্ষাৰ নামত কণ কণ ছাত্ৰ-ছাত্ৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰি বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰি আহিছে একাংশ শিক্ষকে(Teacher beating students) ৷
তাহানিতে শিক্ষানুষ্ঠানত শিক্ষা প্ৰদানৰ সময়ত ‘‘চেকনিৰ আগত বিদ্যা’’ বুলি কোৱা কথাষাৰ বৰ্তমান যুগত যে প্ৰযোজ্য নহয়, সেয়া সৰ্বজনবিদিত । কিয়নো সৰ্বশিক্ষা অভিযান মিছন (Sarva Shiksha Abhiyan) আৰু শিক্ষাৰ অধিকাৰ আইন 2009 (Right to Education Act 2009) অনুসৰি কোনো এগৰাকী শিক্ষাৰ্থীক শিক্ষকসকলে শাৰীৰিক অথবা মানসিকভাৱে শাস্তি প্ৰদান কৰাতো আইনমতে দণ্ডনীয় ৷কিন্তু তেনে সময়তে ৰাজ্যত পুনৰ পোহৰলৈ আহিছে শিক্ষকৰ দ্বাৰা শীক্ষাৰ্থীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ এক ঘটনা ৷
যোৰহাটত শিক্ষাৰ অধিকাৰ আইনখনক সম্পূৰ্ণৰূপে ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যোৰহাটত ছাত্ৰক প্ৰহাৰ শিক্ষকৰ। শিক্ষকৰ প্ৰহৰত গুৰুতৰভাৱে আহত হয় ছাত্ৰ ।যোৰহাটৰ সৰ্বোদয় কনিষ্ঠ মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা(Students brutally tortured by teacher)৷
জানিব পৰা মতে,শিক্ষকক নজনোৱাকৈ হোৱাটছএপ গ্ৰুপ খুলিছিল আৰু সেই বাবে শিক্ষকজনে ছাত্ৰজনক প্ৰহৰ কৰে ।
এই ঘটনাৰ পিছতে আৰক্ষীৰ কাষ চাপে পিতৃ-মাতৃয়ে ।