Local, Vocal, Global

Raksha Bandhan 2024 : কলিয়াবৰৰ এক দৃশ্যই মন চুইছে সকলোৰে

কলিয়াবৰ,১৯আগষ্ট : আজি পৱিত্ৰ ৰাখী বন্ধন। এই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী পিন্ধাই তেওঁলোকৰ দীৰ্ঘ আৰু নিৰোগী জীৱনৰ কামনা কৰে। ভাতৃ–ভগ্নীৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ এই উৎসৱ পালন কৰা হয়। বৈদিক কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমা তিথিত ৰাখী বন্ধন পালন কৰা হয়। সেই বাবে শাওনৰ পূৰ্ণিমা তিথিক বোলা হয় ৰাখী পূৰ্ণিমা(Raksha Bandhan 2024)।

এইবাৰো পালন কৰা হৈছে ৰাখী বন্ধন উৎসৱ।

কলিয়াবৰৰ এখন বিদ্যালয়ত ব্যতিক্ৰমী চিন্তাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। কলিয়াবৰত বিদ্যালয়খনৰ ছাত্ৰীসকলে জখলাবন্ধাৰ দোকান-ব্যৱসায়ীৰ লগতে স্কুল বাছৰ চালক,হেণ্ডিমেনৰ হাতত ৰাখী পিন্ধাই আৰ্শীবাদ লয়।

ভাতৃ-ভগ্নীৰ মৰম,স্নেহ ৰাখীৰ জৰিয়তে সুদৃঢ় কৰে।ৰাখীবন্ধন সনাতন ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যিয়ে ভাই-ভনীৰ মাজৰ মৰমৰ সম্পৰ্কৰ প্ৰতীক হিচাপে উজ্জ্বলি থাকে।

লগতে পঢ়ক : Road accident in Lanka : মহা মৃত্যুঞ্জয় মন্দিৰৰ পৰা উভতি অহাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা;আহত ৫জনকৈ যাত্ৰী