Poor Road condition in Merapani : ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ গৃহ সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ পথে যমৰ যাতনা ভোগাইছে সাধৰণ ৰাইজক

নিউজ ডেস্ক,১৯আগষ্ট : ৰাজ্য চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে মেৰাপানীৰ তৰাণি গাঁও পঞ্চায়তৰ সহস্ৰাধিক ৰাইজক (Poor Road condition in Merapani)৷
এই বিধ্বস্ত পথেৰে বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিক বাৰম্বাৰ বিধ্বস্ত পথটো মেৰামতি কৰিবৰ বাবে দাবী জনাই অহাৰ পাছতো আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ ৰাইজৰ।
মেৰাপানীৰ তৰাণি গাঁও পঞ্চায়তৰ ৩ নং তৰাণিৰ ৰাইজে গাঁৱলৈ যোৱা মূল পথটোৰ বাবে দুৰ্ভোগ ভুগি অহাৰ পৰিপ্ৰেক্ষিত ৰাইজে নিজাববীয়াকৈ পথ মেৰামতি কৰি চৰকাৰলৈ তীব্ৰ প্ৰত্যাহ্বান আগবঢ়াইছে ।ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ গৃহ সমষ্টিৰ ৩ নং তৰাণি গাঁৱৰ ৰাইজে চৰকাৰী প্ৰতিশ্ৰুতিত আস্থা হেৰুৱাই হাতে কামে লাগিছে পথ মেৰামতিত।
তৰাণিৰ সতী সাধনী ক্ষেত্ৰৰ পৰা নপাম হৈ মেৰাপানী টাউনলৈ যোৱা গুৰুত্বপূৰ্ণ পথটোৰ জৰাজীৰ্ণ অৱস্থাই দশক দশক ধৰি জীয়াতু ভোগাই আহিছে অঞ্চলটোৰ ৰাইজক। মেৰামতিৰ নামত আজি পৰ্য্যন্ত শিল এটাও নপৰা পথটো বাৰিষা কালত বোকা আৰু খৰালি কালত ধূলিৰে উপচি পৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে পথচাৰীসকল।
পথটোৰ কদৰ্য্যময় অৱস্থাৰ বাবেই বৰষুণৰ বতৰত সমস্যাত ভুগিছে অঞ্চলটোৰ ৰাইজ। স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু বিধায়কক বিগত দুটা দশকে পথটো মেৰামতি কৰাৰ বাবে আবেদন কৰিছিল যদিও অৱশেষত ভাগৰি পৰে স্থানীয় ৰাইজ।
সেয়েহে অৱশেষত চৰকাৰ তথা প্ৰশাসনে পথ মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ বাবে উপায়হীন হৈ গাঁঠিৰ ধনেৰে ৰাস্তা মেৰামতি কৰে ক্ষুব্ধ ৰাইজে । গাঁৱখনৰ প্ৰতিটো পৰিয়ালে নিজৰ মাজতে ধন সংগ্ৰহ কৰি বৰ্তমান নিজা উদ্যোগত মেৰামতি চলাই আছে গুৰুত্বপূৰ্ণ পথটোৰ। গাঁৱৰ পুৰুষ মহিলা সকলো একত্ৰিত হৈ শ্ৰমদান কৰিছে পথ মেৰামতিত(Poor Road condition in Merapani)।
লগতে পঢ়ক : HIV positive case : ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে HIV পজিটিভ ৰোগীৰ সংখ্যা