Drugs peddler arrested along with drugs : শোণিতপুৰৰ ৰঙাপৰাত যাত্ৰীবাহী ট্ৰেইনত জব্দ গাঞ্জা

নিউজ ডেস্ক,১৯আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী (Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
এইবাৰ শোণিতপুৰৰ ৰঙাপৰাত যাত্ৰীবাহী ট্ৰেইনত জব্দ গাঞ্জা । ৰঙিয়াৰ পৰা মুৰ্কঙচেলেক অভিমুখী যাত্ৰীবাহী ট্ৰেইনত ৰঙাপৰা জি,আৰ,পি আৰু আৰ,পি,এফে যুটীয়া অভিযান চলাই ৰেলৰ দুটা দবাৰ চিটৰ তলত ১৮ কেজি ৫০০ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
ভাষ্য অনুসৰি জব্দকৃত গাঞ্জখিনিৰ বজাৰ মূল্য ১ লাখ ৮৫ হাজাৰ টকা । আনহাতে একেখন ৰেলতে আন এজন যুৱকৰ পৰা ৫ কেজি ৮০০ গ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।লগতে আৰক্ষীয়ে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।আটকাধীন সৰবৰাহকাৰীটোৰ গোৱালপাৰাৰ চিৰাজুল ইছলাম বুলি জানিব পৰা গৈছে। গাঞ্জাখিনিৰ মূল্য ৫০ হাজাৰ টকা।
লগতে পঢ়ক :Raksha Bandhan 2024: আজি পৱিত্ৰ ৰাখী বন্ধন