Raksha Bandhan 2024: আজি পৱিত্ৰ ৰাখী বন্ধন

নিউজ ডেস্ক,১৯আগষ্ট : আজি পৱিত্ৰ ৰাখী বন্ধন। এই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী পিন্ধাই তেওঁলোকৰ দীৰ্ঘ আৰু নিৰোগী জীৱনৰ কামনা কৰে। ভাতৃ–ভগ্নীৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ এই উৎসৱ পালন কৰা হয়। বৈদিক কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমা তিথিত ৰাখী বন্ধন পালন কৰা হয়। সেই বাবে শাওনৰ পূৰ্ণিমা তিথিক বোলা হয় ৰাখী পূৰ্ণিমা(Raksha Bandhan 2024)।
ভাতৃ-ভগ্নীৰ এই পবিত্ৰ সম্পৰ্ক চিৰদিনৰ বাবে অটুট ৰখাৰ উদ্দেশ্যে পালন কৰা হয় পবিত্ৰ ৰাখী বন্ধন তিথি। ৰক্ষা বন্ধন বা ৰাখী বন্ধন সনাতন ধৰ্মৰ অন্যতম উল্লেখযোগ্য উৎসৱ। প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমা তিথিত ৰাখী বন্ধন উৎসৱ পালন কৰা হয়(Raksha Bandhan 2024)।
এইবাৰো পালন কৰা হৈছে ৰাখী বন্ধন উৎসৱ। অৱশ্যে এইবাৰৰ ৰাখী বন্ধন উৎসৱত সাময়িকভাৱে বাধা আছে। কিয়নো জ্যোতিষশাস্ত্ৰবিদসকলৰ হিচাপ অনুসৰি এইবাৰ ৰাখীবন্ধনত ভদ্ৰৰ ছাঁয়া থাকিব ।
ইয়াৰ প্ৰভাৱ পুৱা ৫.৫৩ বজাৰ পৰা আৰম্ভ হ’ব দুপৰীয়া ১.৩২ বজাত অন্ত পৰিব । এই সময়ত ভুলতেও ৰাখী বান্ধিব নালাগে বা অশুভ সময় বুলি গণ্য কৰা হয়। এই অশুভ ক্ষণ উকলি যোৱাৰ পাছতহে পিন্ধাব পাৰিব ৰাখী। গতিকে আজিৰ এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী ভাতৃ-ভগ্নীলৈ অলেখ শুভেচ্ছা।
লগতে পঢ়ক : Veer Lachit Sena Leader Shrinkhal Chaliha : শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু