Birth anniversary of Parvati Prasad Barua : আজি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্মবাৰ্ষিকী
নিউজ ডেস্ক,১৯আগষ্ট : আজি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্মবাৰ্ষিকী(Giti Kabi Parvati Prasad Barua) । এইগৰাকী চিৰনমস্য ব্যক্তি ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌপাৰৰ এটা সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ।
গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাই কৰ্মসূত্ৰে সোণাৰিৰ স্থায়ী বাসিন্দা হৈ জীৱনৰ সৰহখিনি সময় সোণাৰিতে কটাইছিল । এইগৰাকী মহান অসমীয়া তথা অসমীয়া কলা-সংস্কৃতিৰ ধাৰক আৰু বাহকৰ ১৯৬৪ চনৰ ৭ জুন তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে(Birth anniversary of Parvati Prasad Barua) ।
পাৰ্বতী প্ৰসাদ বৰুৱা আজি আমাৰ মাজত নাই যদিও তেখেতৰ সৃষ্টিৰাজিৰ এতিয়াও আমাৰ মাজত আছে । গীতিকবিগৰাকীক তেওঁৰ জন্ম দিনটোত সোণাৰিবাসীয়ে সোঁৱৰণ কৰাৰ লগতে তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ স্মৃতি সোঁৱৰণ কৰে । সোণাৰিৰ সোণালী পামত দীৰ্ঘ সময় অতিবাহিত কৰিছিল গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাই । সোণাৰিৰ সোণালী পামৰ নিগাজী ঘৰত বহিয়েই পাৰ্বতী প্ৰসাদ বৰুৱাই ৰচনা কৰিছিল চিৰসেউজ বহু গীত আৰু কবিতা । চতুৰ্থখন অসমীয়া কথাছবি ‘ৰূপহী’ৰো স্ৰষ্টা আছিল গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা (4th Assamese film Rupohi by Parvati Prasad Barua) ।
পাৰ্বতী প্ৰসাদে কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতক শিক্ষাৰ্থী হিচাপে দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰিছিল । কলকাতাত থকাৰ সময়ত তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাসমূহৰ ওপৰত আধাৰিত নাটক, নৃত্য নাটিকা (ৰবীন্দ্ৰ নৃত্য নাট্য) আৰু অন্যান্য সংগীত অনুষ্ঠান উপভোগ কৰিছিল । এই অভিজ্ঞতাবোৰে পিছত সংগীত ৰচনাত তেওঁৰ সৃষ্টিশীলতাক আৰু অধিক উন্নত কৰাত সহায় কৰিছিল।
পাৰমিতা দাসৰ দ্বাৰা কৰা তেওঁৰ কবিতাৰ ইংৰাজী অনুবাদ “ইফ লাইফ বি লষ্ট” আৰু “লাইফ এৱেকন্স” শীৰ্ষক গ্ৰন্থৰ বাবে ২০০৭ চনত সাহিত্য অকাডেমি সোণালী জয়ন্তী সাহিত্য অনুবাদ বঁটা প্ৰদান কৰা হৈছিল।
লগতে পঢ়ক : 250 trainee soldiers fell ill fell prey to food poisoning : খাদ্যত বিষক্ৰিয়া;অসুস্থ ২৫০ জন জোৱান