Local, Vocal, Global

Two minor boys died after drowning in a pond :খেলি থকা অৱস্থাতে পুখুৰীত পৰি সললি সমাধি ঘটে দুটি কণমানিৰ

নিউজ ডেস্ক,১৮আগষ্ট : কাছাৰৰ উধাৰবন্ধ পাতিমাৰাত সংঘটিত হৈছে শোকাৱহ ঘটনা । শনিবাৰে পাতিমাৰাত খেলি থকা অৱস্থাতে পুখুৰীত পৰি সললি সমাধি ঘটে দুটি কণমানিৰ । নিহত দুই কণমানিৰ নাম অংকিত দাস (৫) আৰু সমৰজিৎ দাস (৬) বুলি জানিব পৰা গৈছে(Two minor boys died after drowning in a pond) ।

ঘটনা বিৱৰণি অনুসৰি, ঘৰৰ কাষতে খেলি থাকোতে হঠাৎ দুই কণমানি নিখোঁজ হৈ পৰে । পৰিয়ালৰ লোকে বহু সময় বিচাৰ-সোচাৰ কৰাৰ অন্তত এটা পুখুৰীৰ পৰা দুই কণমানিক উদ্ধাৰ কৰে । তাৰ পাচতে ততাতৈয়াকৈ শিশু দুটিক হাস্পতালত লৈ যোৱা হয় ৷ কিন্তু চিকিৎসকে পৰীক্ষা কৰাৰ অন্তত শিশু দুটিক মৃত বুলি ঘোষণা কৰে । শিশু দুটিৰ মৃত্যুক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

ইপিনে মৃত শিশু সমৰজিত দাসৰ পিতৃ সন্দিপ দাস বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা সোনাইৰ প্ৰাক্তন বিধায়ক আমিনুল হকৰ ব্যক্তিগত বাহনৰ চালক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Victims of gruesome Chagai executions ‘identified as Afghans’ : অৱশেষত চিনাক্ত কৰা হ’ল বিদ্যুতৰ খুঁটাত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা ৫টাকৈ মৃতদেহ