10 killed, 20 injured in road accident in Uttar Pradesh : বাছ আৰু পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ১০জন,আহত ২০জন

নেশ্যনেল ডেস্ক,১৮ আগষ্ট : এক মৰ্মান্তিক দুৰ্ঘটনা । দুৰ্ঘটনা থিতাতে নিহত ১০জনকৈ লোক ।
উত্তৰ প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা । উত্তৰ প্ৰদেশৰ সলেমপুৰত এখন ব্যক্তিগত বাছ আৰু পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ফলত এই ১০ জনকৈ লোক নিহত হয় । লগতে কেবাজনো লোক আহত(10 killed, 20 injured in road accident in Uttar Pradesh)।
ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে দিনৰ ভাগত বদায়ু পথৰ সলেমপুৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত পিকআপখন বৰ বেয়াকৈ ক্ষতিসাধন হয় । এই দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ পাচতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ তাৰ পাচতে বহু লোকৰ সমাগম ঘটে । ঘটনা সন্দৰ্ভত স্থানীয় লোকে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । আৰক্ষীয়ে ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ডি এম চি পি সিং আৰু এছ এছ পি শ্লোক কুমাৰে উপস্থিত হয় আৰু দুৰ্ঘটনাটোৰ সকলো দিশ নিজে প্ৰত্য়ক্ষ কৰে ।
ইফালে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচত চিকিৎসকে পৰীক্ষা কৰাৰ অন্তত প্ৰায় ১০ জন লোকক মৃত বুলি ঘোষণা কৰে ৷ ইয়াৰ উপৰিও আন কেবাজনো আহত লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে(Road accident in Uttar Pradesh) ।
আনহাতে, পিকআপ চালকে উল্লেখ কৰা অনুসৰি, তেওঁ গাজিয়াবাদৰ পৰা ৰাস্তাৰ কাষৰে আহি আছিল । কিন্তু বাছখনৰ চালকজনে মদ্যপান কৰি গাড়ী চলাই আহিছিল । যাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পিকআপখনৰ চালকে ইণ্ডিকেটৰ দি আছিল, তথাপিও বাছখনৰ চালকে বাহনখনত খুন্দা মাৰে ।
স্থানীয় ৰাইজে জনোৱা মতে, ঘটনা সংঘটিত হোৱাৰ পাচতে এম্বুলেন্সক খবৰ দিয়া হয় ৷ কিন্তু বহু পলমকৈ উক্ত স্থানত উপস্থিত হয় এম্বুলেন্স বাহন ৷ আনকি ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছতো আৰক্ষীও প্ৰায় আধা ঘণ্টা পলমকৈ আহি উক্ত স্থানত উপস্থিত হয় ।
লগতে পঢ়ক : Dehradun Gang Rape Case: ডেৰাডুনৰ আই এছ বি টিত বাছত দলবদ্ধ ধৰ্ষণ কিশোৰীক