Air India Cabin Crew Member Assaulted In Her London Hotel Room : হোটেলৰ কোঠাত এয়াৰ ইণ্ডিয়াৰ ক্ৰুৰ সদস্যক আক্ৰমণ দুৰ্বৃত্তৰ

নিউজ ডেস্ক,১৮আগষ্ট : এয়াৰ ইণ্ডিয়াৰ ক্ৰুৰ সদস্যক আক্ৰমণৰ অভিযোগ ৷ চলিত সপ্তাহৰ আৰম্ভণিতে ক্ৰুৰ সদস্যক আক্ৰমণৰ অভিযোগ কৰাৰ উত্থাপন হৈছে ।
জানিব পৰা মতে, এয়াৰ ইণ্ডিয়াৰ ক্ৰু সদস্য এগৰাকী লণ্ডনত থকা সময়ছোৱাত দুৰ্বৃত্তই হোটেলৰ কোঠাত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । বৃহস্পতিবাৰৰ নিশা হিথ্ৰ’ৰ ৰেডিছন ৰেড হোটেলত একাধিক এয়াৰ ইণ্ডিয়াৰ বিমানৰ ক্ৰু থকাৰ দিনাই সংঘটিত হয় এই ঘটনাটো(Air India Cabin Crew Member Assaulted In Her London Hotel Room) ।
অভিযোগ অনুসৰি, দুৰ্বৃত্তই হোটেলৰ কোঠাত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি ক্ৰু মেম্বাৰগৰাকীক আক্ৰমণ কৰাৰ চেষ্টা কৰে লগে লগে তেওঁ চিঞৰে । ক্ৰু মেম্বাৰগৰাকীৰ চিঞৰ শুনি সহকৰ্মীসকল ততাতৈয়াকৈ তেওঁৰ কোঠালৈ আহে। লগে লগে ঘটনা সন্দৰ্ভত চাঞ্চল্যৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত হোটেলৰ কৰ্মচাৰীয়ে অভিযুক্তটোক আটক কৰে ।
ক্ৰু সদস্যগৰাকী শুই থকা অৱস্থাতে দুস্কৃতিকাৰীয়ে কোঠাত প্ৰৱেশ কৰি কাপোৰ ৰখা হেঙাৰেৰে সদস্যগৰাকীক আক্ৰমণ কৰে আৰু টানি লৈ যায় । আক্ৰমণৰ ফলত যুৱতীগৰাকী আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান ভাৰতলৈ উভতি আহি কাউন্সেলিং কৰি আছে(Air India crew member assaulted in London hotel room by intruder) ।
এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই এই চাঞ্চল্যকৰ কাণ্ড সন্দৰ্ভত এক চমু বিবৃতি প্ৰকাশ কৰি কয় যে পেছাদাৰী পৰামৰ্শকে ধৰি সম্ভৱপৰ সকলো সহায় যুৱতীগৰাকীলৈ আগবঢ়োৱা হৈছে ।
এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই কয়,”এয়াৰ ইণ্ডিয়াই স্থানীয় আৰক্ষীৰ প্ৰতি সম্পূৰ্ণ আইনী সহযোগিতা আগবঢ়াইছে ৷ সমান্তৰালভাৱে, হোটেল কৰ্তৃপক্ষৰ সৈতেও যোগাযোগত আছে ৷ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় লগতে আমি ভুক্তভোগীৰ গোপনীয়তাৰ প্ৰতি সন্মান জনাবলৈ অনুৰোধ জনাইছো ।”