West Bengal govt launches ‘Rattirer Shaathi’ to safeguard night shift women : পশ্চিমবংগ চৰকাৰে মুকলি কৰিছে ‘ৰাত্ৰিৰেৰ সাথী’ নামৰ এক এপ

নেশ্যনেল ডেস্ক,১৮আগষ্ট : কলিকতাৰ আৰ জি কৰ মেডিকেল কলেজৰ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ পিছতে সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ সমগ্ৰ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে পশ্চিমবংগ চৰকাৰে ‘ৰাত্ৰিৰেৰ সাথী’ নামৰ এক এপ মুকলি কৰিছে ৷ নিশাৰ ভাগত কৰ্মৰত মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই এপটো ।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা আলাপন বন্দ্যোপাধ্যায়ে শনিবাৰে এখন সংবাদমেলৰ জৰিয়তে এই পদক্ষেপ গ্ৰহণৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।
এক প্ৰেছ বিজ্ঞপ্তিযোগে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা আলাপন বন্দ্যোপাধ্যায়ে কয়, “আৰ জি কৰ কাণ্ডৰ পিছত মহিলা নিৰাপত্তাৰ কথা চিন্তা কৰি মুকলি কৰা হৈছে নতুন এপ । নিশাৰ ভাগত কাম কৰা মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে পশ্চিমবংগ চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ( Kolkata Doctor Rape murder) ৷”
বন্দ্যোপাধ্যায়ে পুনৰ কয়, “‘ৰাত্ৰিৰেৰ সাথী’ বা ‘হেলপাৰ্ছ অৱ দ্য নাইট’ নামেৰে নামকৰণ কৰা এই মোবাইল এপটো এলাৰ্ম ডিভাইচেৰে বিশেষভাৱে সজ্জিত হ’ব । এই এপটো সকলো কৰ্মৰত মহিলাৰ বাবে বাধ্যতামূলক হ’ব আৰু স্থানীয় আৰক্ষী থানা আৰু আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযুক্ত হ’ব । যিকোনো আতংকময়/জৰুৰীকালীন পৰিস্থিতিৰ সময়ত হেল্পলাইন নং ১০০/১১২ ব্যাপকভাৱে ব্যৱহাৰ কৰিব লাগে ৷”
এই পদক্ষেপৰ অধীনত মহিলাসকলৰ বাবে সুকীয়া প্ৰস্ৰাৱগাৰৰ সৈতে বিশ্ৰামগৃহ থাকিব(West Bengal govt launches ‘Rattirer Shaathi’ to safeguard night shift women) ৷
বিজ্ঞপ্তিযোগে বন্দ্যোপাধ্যায়ে কয়, “চিচিটিভি আৰু ইয়াৰ নিৰীক্ষণৰ দ্বাৰা সম্পূৰ্ণ কভাৰেজৰ সৈতে মহিলাসকলৰ বাবে নিৰাপদজনক স্থান নিশ্চিত কৰা হ’ব । চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়, জিলা চিকিৎসালয়ত নিৰাপত্তা পৰীক্ষা আৰু ব্ৰেথালাইজাৰ পৰীক্ষা কৰা হ’ব । কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন সম্বন্ধীয় গোচৰ নিষ্পত্তিৰ বাবে এখন বিশাখা সমিতি গঠন কৰিবলৈ সকলো সংস্থাক অনুৰোধ কৰা হ’ব যদিহে কৰা হোৱা নহয় ।”
লগতে মহিলা সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত সকলো চৰকাৰী প্ৰতিষ্ঠান আৰু ব্যক্তিগত সংস্থাসমূহক সংবেদনশীলভাৱে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে বুলিও তেওঁ জনায় ।
বিবৃতিটোত কোৱা হৈছে যে, “এই কাৰ্যসূচী জিলাসমূহৰ ভিতৰত গ্ৰহণ কৰা হ’ব । সংগঠনসমূহক এনে সূচী প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰা হ’ব যাতে মহিলাসকলে যুতীয়া বা দলীয়ভাৱে কাম কৰে আৰু ৰাতিৰ সময়ত ইজনে সিজনৰ গতিবিধি জানিব পাৰে ।”
ব্যক্তিগত প্ৰতিষ্ঠানসমূহকো ‘ৰাত্ৰিৰেৰ সাথী’ প্ৰট’কল স্থাপন কৰিবলৈ উৎসাহিত কৰা হ’ব।