Local, Vocal, Global

Bhado month begins today: আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ

নিউজ ডেস্ক,১৮আগষ্ট : আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ ! নামঘৰসমূহত শনিবাৰৰ পৰা পৰা আৰম্ভ নাম-কীৰ্তন ৷ অগণন ভক্তই ভিৰ কৰিছেহি নামঘৰত ৷ অসমীয়া জাতীয় জীৱনৰ এটা অতিকৈ পৱিত্ৰ মাহ হিচাপে গণ্য কৰা হয় ভাদ মাহক(Bhado month begins today) ৷

সমগ্ৰ ভাদ মাহত ৰাজ্যৰ প্ৰতিটো নামঘৰ হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ থাকিব। আজি পহিলা ভাদ উপলক্ষে পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান।

এই পৱিত্ৰ ভাদ মাহৰ আজি পহিলা দিনটোৰ পৰা শেষৰ দিনলৈ এমাহজুৰি ভকত বৈষ্ণৱ, আই মাতৃ সকলে হৰি নাম কীৰ্তনৰে মুখৰিত কৰি তুলিব বটদ্ৰৱাৰ আকাশ বতাহ।

উল্লেখ্য যে, যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আৰম্ভ হ’ল মাহজোৰা পালনাম। পুৱাই খোল–তাল–ডবা–শংখৰ ধ্বনিৰে মুখৰিত হ’ল ঢেকীয়াখোৱা বৰনামঘৰ। হৰি নামৰ ৰসেৰে মুখৰিত হৈছে চৌপাশ।

ইফালে আজি পুৱা বটদ্ৰৱা থানলৈ আগমন ঘটিছে তীৰ্থযাত্ৰী, ভকত বৈষ্ণৱৰ। পহিলা ভাদ উপলক্ষে ভকত বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে(Bhado month begins today)।

লগতে পঢ়ক : IndiGo airlines cancels flights : দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া বিমান যাত্ৰীৰ মাজত হাহাকাৰ