Earthquake in Russia: পূব ৰাছিয়াৰ উপকূলত ভয়ংকৰ ভূমিকম্পৰ পাছতে আগ্নেয়গিৰি উদ্গীৰণ
নিউজ ডেস্ক,১৮আগষ্ট : পূব ৰাছিয়াৰ উপকূলত ভয়ংকৰ ভূমিকম্পৰ ঘটনা ৷ প্ৰচণ্ড ভূমিকম্পক পাছতে আগ্নেয়গিৰি উদ্গীৰণ(Earthquake in Russia)।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা আছিল ৭.০ ৷ দেশখনৰ পূব উপকূলত ৭.০ ৰিখটাৰ স্কেলত হোৱা ভূমিকম্পৰ পাচত ৰাছিয়াৰ শিভেলুচ এক আগ্নেয়গিৰি উদগীৰণ ঘটে ৷ CNN ৰ বাতৰিত প্ৰকাশ পাইছে এই তথ্য প্ৰকাশ (Shiveluch Volcano Erupts In Russia After 7.0 Magnitude Earthquake)।
চিএনএনে টাছৰ উদ্ধৃতি দি উল্লেখ কৰে যে, দৃশ্যগত মূল্যায়ন অনুসৰি, উদগীৰণৰ ফলত উদ্ভৱ হোৱা লাভা আৰু ধোঁৱাৰ স্তম্ভটো সমুদ্ৰপৃষ্ঠৰ পৰা ৮ কিলোমিটাৰ ওপৰলৈকে উঠি গৈছিল ৷ প্ৰতিবেদনত উল্লেখ কৰা মতে, আগ্নেয়গিৰিটোৰ পৰা মাত্ৰাধিক লাভাৰ ঢৌ নিৰ্গত হৈছে । অৱশ্যে এই প্ৰাকৃতিক দুৰ্যোগৰৰ ফলত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই ।
পেট্ৰ’পাভলভস্ক-কামচাটস্কি, প্ৰায় ১ লাখ ৮১ হাজাৰ জনসংখ্যাৰ এখন উপকূলীয় চহৰ, যি ৰাছিয়াৰ কামচাটকাত অৱস্থিত । পেট্ৰ’পাভলভস্ক-কামচাটস্কিৰ পৰা শিভেলুচ আগ্নেয়গিৰি প্ৰায় ২৮০ মাইল দূৰত অৱস্থিত । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে (USGS) জানিবলৈ দিয়া মতে, ভূমিকম্পৰ কেন্দ্ৰ পেট্ৰ’পাভ্ল’ভস্ক-কামচাটস্কিৰ পৰা প্ৰায় ৫৫ মাইল দূৰত আৰু ইয়াৰ গভীৰতা প্ৰায় ৩০ মাইল ।
এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ “বৃহৎ ক্ষতি” হোৱা নাই । অৱশ্যে বহু অট্টালিকাত কিছু ক্ষয়-ক্ষতি হোৱা দেখা গৈছে ৷ সামাজিক সুবিধাসমূহৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷ CNN এ TASS ৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে(Shiveluch volcano erupts after powerful 7.0 magnitude earthquake strikes Russia)।
TASS এ সদৰী কৰা অনুসৰি, এই ভূমিকম্পৰ ফলত অঞ্চলটোৰ বহু বাসিন্দাই ইতিমধ্যে নিজৰ আপোন ঘৰখন এৰি উক্ত স্থান ত্যাগ কৰিছে । এই ভূমিকম্পৰ ফলত বহু লোকৰ আচবাব ভাঙি চূৰমাৰ হৈছে বুলিও TASS এ প্ৰকাশ কৰিছে ।
ৰাছিয়ান একাডেমী অৱ চাইন্সৰ জিঅ’ফিজিকেল চাৰ্ভিচৰ কামচাটকা শাখাৰ তথ্য অনুসৰি, শনিবাৰে কামচাটকাৰ স্থানীয় সময় অনুসৰি ০৭:২১ বজাত (মস্কো সময় অনুসৰি ২২:২১) এই আফটাৰশ্বক (aftershock) সংঘটিত হয় । সংবাদ সংস্থা ANI য়ে উল্লেখ কৰা অনুসৰি, এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৭ ।