Local, Vocal, Global

ULFA plants bombs in 19 places of Assam : লখিমপুৰত উদ্ধাৰ সন্দেহজনক বোমা

নিউজ ডেস্ক,১৫আগষ্ট : ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ মাজতে আলফা স্বাধীনে সংবাদ মাধ্য়মলৈ প্ৰেছ বিজ্ঞপ্তি ৷আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক বিবৃতিৰ পাছতে অসম আৰক্ষীৰ মাজত হাহাকাৰ । নিষিদ্ধ উগ্ৰপন্থী সংগঠনটোৱে ৰাজ্যৰ ১৯ টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰাৰ পিচতে ৰাজ্যত হাহাকাৰ। ৰাইজৰ মংগলৰ বাবে বোমাকেইটা নিষ্ক্ৰিয় কৰাৰ অৰ্থে স্থানসমূহ ৰাজহুৱা কৰে সংগঠনটোৱে ৷ তাৰ পিছতেই লাগে হাহাকাৰ(ULFA plants bombs in 19 places of Assam)৷

ৰাজ্যৰ আন ঠাইৰ লগতে লখিমপুৰতো চৰম আতংকৰ সৃষ্টি হয় । লখিমপুৰ নগৰকে ধৰি জিলাখনৰ তিনি ঠাইত বোমা সংস্থাপন কৰা বুলি আলফা (স্বাঃ) সদৰী কৰাৰ লগে লগে তীব্ৰ আতংকৰ সৃষ্টি হয় । চৌদিশে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, আৰক্ষীৰ বিশেষ শাখাৰ লোক সষ্টম হৈ পৰে । মেটেল ডিটেক্টৰৰ পৰা স্নিফাৰ ডগলৈকে সকলোধৰণৰ ব্যৱস্থাৰে বোমাৰ সন্ধান কৰা হয় ।

আলফা(স্বাঃ)ই সদৰী কৰা মতে লখিমপুৰৰ যিখন খেলপথাৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হৈছিল, সেই খেলপথাৰখনৰ চৌহদৰ ভিতৰতে পৰিত্যক্ত হৈ থকা এখন এন এইচ পি চিৰ জৰাজীৰ্ণ বাহন, নগৰৰ পৰিবহণ নিগমৰ কাৰখানাৰ এখন বাছৰ লগতে লালুকৰ এটা স্থানত বোমা সংস্থাপন কৰা আছে । লালুকৰ IBৰ সন্মুখৰ এখন পদপথৰ দোকানত আৰক্ষীয়ে উদ্ধাৰ কৰে আলফা (স্বা)ই সংস্থাপন কৰা বোমাটো ৷ আৰক্ষীয়ে আই ই ডি বুলি সন্দেহ কৰিছে । ইফালে লখিমপুৰ নগৰ এলেকাৰ হাতীলুং বান্তৌত এখন পৰিত্যক্ত ট্ৰাকৰ পৰা উদ্ধাৰ আন এটা বোমা ।

জিলাখনৰ বিভিন্ন স্থানত বোমা সংস্থাপনৰ খবৰ আৰু বোমা উদ্ধাৰৰ বাবে নিৰাপত্তা বাহিনীৰ তৎপৰতাই আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে(ULFA plants bombs in 19 places of Assam) ৷

লগতে পঢ়ক : ULFA plants bombs in 19 places of Assam : নাৰেংগীত বোমা বিচাৰি আৰক্ষীৰ অভিযান