Local, Vocal, Global

Har Ghar Tiranga in Golaghat : গোলাঘাটত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী গ্ৰহণ; কাৰ্যসূচীত অংশগ্ৰহণ কামাখ্যা প্ৰসাদ তাছা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ

গোলাঘাট,১৪আগষ্ট : গোলাঘাটত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী গ্ৰহণ । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিজেপিয়ে গোলাঘাটত হৰ ঘৰ ত্ৰিৰংগাৰ কাৰ্যসূচীৰে শোভাযাত্ৰা উলিয়াই ৷

এই কাৰ্যসূচীত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলাৰ দলীয় কৰ্মীসকলৰ লগতে বিত্তমন্ত্ৰী অজন্তা নেওগে অংশগ্ৰহণ কৰে ৷

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই স্বাধীনতা দিৱস বৰ্জনৰ বাবে কৰা আহ্বানৰ ওপৰতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰিমৰ্টৰ দৰে দূৰৰ পৰা কথা কৈ থাকিলে কোনেও নুশুনে ৷ আলফাৰ ভেটি এতিয়া শক্তিশালী নহয় জনসাধাৰণৰ এতিয়া উন্নয়নৰ লগত আছে, সন্ত্ৰাসবাদক বিশ্বাস নকৰে ৰাইজে ৷ অসমলৈ শান্তি ঘুৰাই আনিবলৈ পৰেশ বৰুৱাক আলোচনালৈ আহিবলৈ আহ্বান সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ(Har Ghar Tiranga in Golaghat) ৷

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ আলফালৈ মুকলি আহ্বান ৷ আলফাই যিবিলাক বিচাৰিছিল সেইবিলাক অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কাৰ্যকৰী কৰিছে ৷ অসমৰ ৰাইজে এতিয়া বিচ্ছিন্নতাবাদৰ কথা চিন্তা নকৰে এতিয়া ৰাইজে উন্নয়ন বিচাৰে ৷ আলফাৰ ভেটি এতিয়া শক্তিশালী নহয় ৰাইজে সন্ত্ৰাসবাদক বিশ্বাস নকৰে অসমৰ ৰাইজে এতিয়া উন্নয়ন বিচাৰে ৷ আনহাতে সাংসদগৰাকীয়ে পৰেশ বৰুৱাই ৰিমৰ্টৰ দৰে দূৰৰ পৰা কথা কৈ থাকিলে কোনেও নুশুনে বুলি কৈ আলোচনাৰ মাধ্যমেৰে হে সমস্যা সমূহ সমাধান কৰিব পাৰি বুলি উল্লেখ কৰে(Har Ghar Tiranga in Golaghat) ৷

লগতে পঢ়ক : Har Ghar Tiranga in Jamugurihat : ৰঙাপৰাত আৰক্ষী আৰু গাঁৱৰক্ষী বাহিনীৰ বিশাল বাইক ৰেলী