Local, Vocal, Global

Massive Eviction Drive in Merapani : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ

নিউজ ডেস্ক,১৩আগষ্ট : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ কেইদিনমান পূৰ্বে চৰ্চা লাভ কৰা শিলসাঁকো বিলৰ উচ্ছেদ অভিযানৰ সমান্তৰালকৈ ৰাজ্যৰ আন বহু ঠাইত চলিছিল উচ্ছেদ ৷

ৰাজ্যৰ একাংশ বনাঞ্চল, চৰকাৰী ভূমি আদিত অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলক বিতাড়নৰ বাবেই প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া হৈছে এই কঠোৰ পদক্ষেপ

মঙলবাৰে পুৱাই মেৰাপানীত বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলালে গোলাঘাট জিলা প্ৰশাসনে। বিশেষকৈ মেৰাপানী আৰক্ষী থানা আৰু পশু চিকিৎসালয়ৰ সন্মুখত চৰকাৰী ভূমিত গঢ় লৈ উঠা দোকান সমূহ উচ্ছেদ কৰে প্ৰশাসনে(Massive Eviction Drive in Merapani)।

শেহতীয়াকৈ একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমিখণ্ডত অবৈধভাৱে দোকান ঘৰ নিৰ্মাণ কৰি মেৰাপানীৰ পৰিবেশ বিনষ্ট কৰিছিল। একাংশ বেদখলকাৰী এনে পৰ্যায়লৈ গৈছিল যে, মেৰাপানী পশু চিকিৎসালয়ৰ প্ৰবেশ পথটোও বেদখল কৰি একপ্ৰকাৰ বন্ধ কৰি দিছিল।

সেয়ে মঙলবাৰে সীমান্ত দণ্ডাধীশৰ নেতৃত্বত আৰক্ষী চিআৰপিএফৰ দল মোতায়েন কৰি এফালৰ পৰা উচ্ছেদ কৰে অবৈধ দোকান আৰু বাসগৃহসমূহ। উচ্ছেদস্থলীত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰা হৈছে।

লগতে পঢ়ক : Assam CM Visits Missing Musician Ramen Baruah’s Family : নিৰুদ্দিষ্ট ৰমেন বৰুৱাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা