Assam Youth Missing in Train: পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ লোক;অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া ষ্টেচনৰ পৰা নিৰুদ্দেশ কুম্ভ কোঁৱৰ
নিউজ ডেস্ক,১৩আগষ্ট : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ লোক ।
কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Youth Goes Missing)৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Missing in Train) ।
কৰ্মসংস্থাপনৰ অভাৱত বহিঃৰাজ্যলৈ গৈ বহু অসমীয়া যুৱক-যুৱতী সন্ধানহীন হোৱাৰ ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা পৰিলক্ষিত হৈ আহিছে ৷ শেহতীয়াকৈ আকৌ এবাৰ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ শ্ৰীপানী পঞ্চায়তৰ ২ নং উদয়পুৰ বৰুৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷
গাঁওখনৰ এজন লোক কর্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিৰুদ্দেশ হোৱা লোকজন শ্ৰীপানী পঞ্চায়তৰ ২ নং উদয়পুৰ বৰুৱা গাঁৱৰ কুম্ভ কোঁৱৰ । লোকজনৰ বয়স ৪৪ ৷
জানিব পৰা মতে, লোকজনে কর্মসংস্থাপন বিচাৰি পৰিয়ালৰে আন চাৰিজনৰ সৈতে বিগত ২৭ জুলাইত ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ পৰা বিবেক এক্সপ্ৰেছেৰে কেৰালালৈ গৈছিল । কিন্তু যাত্ৰাপথতে সোমবাৰৰ নিশা অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া নামৰ ষ্টেচনটোৰ পৰা নিৰুদ্দেশ হয় লোকজন ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, লোকজনে প্ৰস্ৰাৱ কৰিবলৈ বুলি ৰে’লখনৰ পৰা নামি যায় আৰু বহু সময়লৈ উভতি নাহে । লগৰীয়াকেইজনে বহুত বিচাৰ-খোঁচাৰ কৰে, যদিও একো শুংসূত্ৰ উলিয়াব নোৱাৰিলে কুম্ভ কোঁৱৰৰ ।
লগত থকা পৰিয়ালৰ লোককেইজনে জানিবলৈ দিয়া অনুসৰি, নিৰুদ্দেশ হোৱাৰ সময়ত পিন্ধনত কেৱল হাফপেণ্ট এটাহে আছিল কুম্ভ কোঁৱৰৰ দেহত । তেতিয়াৰে পৰা পৰিয়ালৰ লোকে অনেক বিচাৰ-খোঁচাৰ কৰিও কুম্ভ কোঁৱৰৰ সম্ভেদ উলিয়াব নোৱাৰাত শোকত ভাগি পৰে । ইতিমধ্যে পৰিয়ালৰ লোকে ডিব্ৰুগড় ৰে’ল আৰক্ষীক এই নিৰুদ্দেশ সন্দৰ্ভত অৱগত কৰিছে ।
লোকজনক যিকোনো প্ৰকাৰে বিচাৰি উলিয়াবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে পত্নী তথা পৰিয়ালৰ লোকে । কোনো লোকে লোকজনৰ কিবা সম্ভেদ পালে সমীপৰ আৰক্ষী থানা অথবা 91017-42843 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।