Local, Vocal, Global

Cyber crime in Nagaon : নগাঁও আৰক্ষীৰ জালত ৮ চাইবাৰ অপৰাধী

নিউজ ডেস্ক ,১৩আগষ্ট : অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল । ৰাজ্যত সক্ৰিয়া হৈ আছে চাইবাৰ অপৰাধী। ৰাজ্যত চলিছে চাইবাৰ অপৰাধীৰ দপদপনি ৷ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰিণত হ’বলৈ ধৰিছে মধ্য অসম(Cyber criminal arrested ) ৷

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সজাগ হৈছে অসম আৰক্ষী । বিভিন্ন সময়ত অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ ঘাটি উৎখাত কৰি আহিছে । মধ্য অসমৰ চাইবাৰ অপৰাধীৰ ঘাটিত অসম আৰক্ষীৰ অভিযান ৷

মধ্য অসমত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ সংখ্যা ৷ ইয়াৰ সমান্তৰালকৈ প্ৰতিদিনেই চাইবাৰ অপৰাধীৰ ঘাটি কঁপাইছে নগাঁও আৰক্ষীয়ে(Cyber Crime in Assam)৷

এইবাৰ অনলাইন এপ ব্যৱহাৰ কৰি নথি-পত্ৰ জালিয়াতিৰে কেইবাকোটি টকা চাইবাৰ অপৰাধীয়ে লুট কৰাৰ তথ্য পোহৰলৈ আহিছে নগাঁৱত । এটা চাইবাৰ অপৰাধী চক্ৰই বিভিন্নজনৰ পেন কাৰ্ড, আধাৰ কাৰ্ড আদি নথিৰ সৈতে আন কোনো লোকৰ ফটো সংলগ্ন কৰি এক্সিছ বেংকত একাউণ্ট খোলাৰ পাচত অনলাইন এপ ব্যৱহাৰ কৰি বেংকৰ পৰা ঋণ লয় ।

ভুৱা ঠিকনাৰে এক্সিছ বেংকৰ পৰা কোটি কোটি টকা ঋণ লোৱাৰ পাছত ঋণ পৰিশোধৰ বাবে কোনো সঠিক ঠিকনাই বিচাৰি নোপোৱা হৈছে বেংক কৰ্তৃপক্ষ । যাৰ বাবে কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা বেংক কৰ্তৃপক্ষ অৱশেষত কাষ চাপে নগাঁও আৰক্ষীৰ । এক্সিছ বেংকৰ নগাঁও শাখাৰ তৰফৰ পৰা নগাঁও আৰক্ষীক ঘটনা সন্দৰ্ভৰ অৱগত কৰাৰ পাচতেই অনুসন্ধান আৰম্ভ কৰে নগাঁও আৰক্ষীয়ে ।

নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে আৰম্ভ কৰে চাইবাৰ অপৰাধী চক্ৰটোৰ সন্ধানত অভিযান । অভিযানত অনলাইনৰ সহায়ত জালিয়াতিৰে বেংকৰ পৰা সাত কোটি টকা লুটি নিয়া চাইবাৰ অপৰাধী চক্ৰৰ এটাৰ কেইবাজনো সদস্যক জালত পেলাবলৈ সক্ষম হয় নগাঁও আৰক্ষী ।

এক্সিছ বেংকৰ পৰা নগাঁও আৰক্ষীয়ে লাভ কৰা কিছু তথ্যৰ ওপৰতেই ভিত্তি কৰি নগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ আৰম্ভ কৰা অভিযানত দেওবাৰে প্ৰথমে চাৰিটাকৈ চাইবাৰ অপৰাধীক আটক কৰে । ধৃত চাৰি অভিযুক্ত চাইবাৰ অপৰাধীৰ স্বীকাৰোক্তিৰ ভিত্তিত পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীয়ে অভিযান চলাই মুঠ আঠটাকৈ অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়(Cyber crime in Nagaon) ।

আটক কৰা অভিযুক্ত চাইবাৰ অপৰাধীকেইটাক দেওবাৰে নিশা জেৰাৰ অন্তত সোমবাৰে আটাইকে গ্ৰেপ্তাৰ কৰা বুলি জনাইছে নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াই । নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধীকেইটা ক্ৰমে ওমৰ ফাৰুক, মহিদুল ইছলাম, ফিৰোজ খান শিকদাৰ, ইমদাদুল ইছলাম, মুছাৰক হুছেইন, দিলদাৰ হুছেইন, জেহিৰুল ইছলাম আৰু চাহিল খান । গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধীকেইটা ধিং অঞ্চলৰ বুলিও জানিব পৰা গৈছে ।

সোমবাৰে অভিযুক্ত চাইবাৰ অপৰাধীকেইটাক আদালতত হাজিৰ কৰাৰ অন্তত অধিক তথ্যৰ সন্ধানত পুনৰ সাত দিনৰ নিজৰ জিম্মাত বিচাৰি নগাঁও আৰক্ষীয়ে আদালতত আবেদন জনায় ৷ ইয়াৰ পাচতেই আদালতে আটাইকেইটাক সাত দিনৰ জিম্মাত দিয়া বুলি জানিবলৈ দিছে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ।

লগতে পঢ়ক : Road accident in Mangaldoi : তীব্ৰবেগী বাহনে মহটিয়াই নিলে কলেজীয়া ছাত্ৰক