Local, Vocal, Global

Assam Police recovers huge cache of illegal weapons : অসম আৰক্ষীৰ বৃহৎ সাফল্য;আৰক্ষীৰ জালত ২০জনকৈ উগ্ৰপন্থীসহ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী

নিউজ ডেস্ক,১৩আগষ্ট : অসম আৰক্ষীৰ বৃহৎ সাফল্য৷ আৰক্ষীৰ জালত ২০জনকৈ উগ্ৰপন্থী সংগঠনৰ সদস্য৷ লগতে জব্দ বৃহৎ পৰিমাণ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী ।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যম X হেণ্ডেলত এই তথ্য সদৰি কৰে(Assam Police recovers huge cache of illegal weapons) ।

জানিব পৰা মতে, সোমবাৰে নিশা চিৰাং আৰু কোকৰাঝাৰ জিলা আৰক্ষীয়ে যৌথ অভিযান চলাই । অভিযানত এই নৱগঠিত উগ্ৰপন্থী সংগঠনটোৰ শীৰ্ষ পৰ্য্যায়ৰ নেতাৰ সহ ২০ সদস্যক মৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী সহ গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীয়ে উদ্ধাৰ কৰে ১০টাকৈ ৰাইফল, মেগজিনসহ ৩টা পিষ্টল, ৫টা হেণ্ড গ্ৰেনেড উদ্ধাৰ৷ AK-47ৰ ৫৪ জাঁই সক্ৰিয় গুলী, ৯ ৰাউণ্ড পিষ্টলৰ গুলীও ৷

লগতে পঢ়ক : World Elephant day celebrates at Orang National Park : আজি বিশ্ব হস্তী দিৱস উপলক্ষে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন