Local, Vocal, Global

World Elephant day celebrates at Orang National Park : আজি বিশ্ব হস্তী দিৱস উপলক্ষে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন

নিউজ ডেস্ক,১২আগষ্ট : আজি বিশ্ব হস্তী দিৱস। প্ৰতি বছৰে ১২ আগষ্টৰ দিনটো বিশ্ব হস্তী দিৱস হিচাপে উদযাপন কৰি অহা হয়(World Elephant day celebrates at Orang National Park)।

সমগ্ৰ বিশ্বৰ লগতে অসমতো সোমবাৰে বিশ্ব হস্তী দিৱস উদযাপন কৰা হয় ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ‘বিশ্ব হস্তী দিৱস’ ৷

উদ্যানখনৰ মূল গেটত বিভাগীয় হাতীৰ সৈতে বনকৰ্মীসকলে শোভাযাত্ৰা উলিয়াই উদযাপন কৰে এই দিৱস ৷ আজিৰ এই কাৰ্যসূচীত বিভিন্ন সংস্থা, চৰকাৰী কৰ্মচাৰী আদিয়ে অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমান ৩৭ টা বিভাগীয় হাতীৰ লগতে ১৬ টা বনৰীয়া হাতী আছে । এই দিৱসৰ উদ্দেশ্য হৈছে বিশ্বজুৰি মানুহ আৰু সংগঠনসমূহক একত্ৰিত কৰি হাতীয়ে সন্মুখীন হোৱা ভাবুকিৰ সৈতে মোকাবিলা কৰা।

লগতে পঢ়ক : Preparations underway to celebrate 78th Independence day : পৰ্বতঝোৰাত আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ব্যাপক প্ৰস্তুতি