Independence Day 2024 : ধেমাজিত জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি

নিউজ ডেস্ক,১২আগষ্ট : সমাগত স্বাধীনতা দিৱস । ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি ব্যাপক প্ৰস্তুতি। সমগ্ৰ দেশৰ লগতে ধেমাজিতো জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত কাছাৰী ময়দানত চলিছে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি ৷
ইতিমধ্যে কাছাৰী ময়দানখন পৰিস্কাৰ-পৰিচ্ছন্ন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ বিগত কিছুদিন ধৰি কাছাৰী ময়দানত পুৱা আৰু আবেলি ধেমাজি আৰক্ষী, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ বাবে অনুশীলন চলাই আছে(Independence Day 2024)৷
উল্লেখ্য় যে, এইবাৰ কাছাৰী ময়দানত ২৮ টা দলে পেৰেডত অংশগ্ৰহণ কৰিব । ইফালে প্ৰতিকূল বতৰে কিছু বিধি-পথালি দিছে যদিও ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সঁহাৰি যথেষ্ট সন্তোষজনক বুলি মন্তব্য কৰিছে প্ৰশিক্ষকগৰাকীয়ে।
ইপিনে, স্বাধীনতা দিৱসৰ সময়ছোৱাত জিলাখনত যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাম-কাজ সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।
লগতে পঢ়ক : Independence Day 2024 : সমাগত স্বাধীনতা দিৱস উপলক্ষে চাপৰত ব্যাপক প্ৰস্তুতি