Local, Vocal, Global

4 Bangladeshi Nationals Detained in Karimganj: অবৈধভাৱে অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশৰ চাৰিজনকৈ নাগৰিকৰ

নিউজ ডেস্ক, ১২ আগষ্ট: অবৈধভাৱে অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশৰ চাৰিজনকৈ নাগৰিকৰ ৷ অবৈধ বাংলাদেশৰ নাগৰিকক ৪জনক অসমত প্ৰৱেশত বাধা দিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত সদৰী কৰা অনুসৰি, দেওবাৰৰ নিশা প্ৰায় ১.৩০ বজাত কৰিমগঞ্জ আৰক্ষীয়ে অসম-বাংলাদেশ সীমান্তৰ মাজেৰে কৰিমগঞ্জ জিলাত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে বাংলাদেশী নাগৰিকৰ কেইজনক অসমত প্ৰৱেশত বাধা প্ৰদান কৰে আৰক্ষীয়ে(4 Bangladeshi Nationals Detained in Karimganj) ।

অসমত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশী নাগৰিক কেইজন ক্ৰমে মতিউৰ শ্বেখ, মুছাহিৰ মোল্লা, তানিয়া মোল্লা আৰু ৰীতা মোল্লা ৷ অৱশ্যে আৰক্ষীয়ে শূন্যবিন্দুত ফলপ্ৰসূভাৱে তেওঁলোকৰ অনুপ্ৰৱেশত হস্তক্ষেপ কৰিছিল আৰু লগে লগে আৰক্ষীয়ে তেওঁলোকৰ প্ৰৱেশ প্ৰতিহত কৰিছিল ।

এই ঘটনা সন্দৰ্ভত কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাসে ফোনযোগে জনায় যে , ” দেওবাৰে নিশা চাৰিজন বাংলাদেশী নাগৰিকে ভাৰত-বাংলাদেশ সীমান্তৰ কৰিমগঞ্জ ছেক্টৰৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল । আৰক্ষীয়ে তেওঁলোকক জিৰো পইণ্টত চিনাক্ত কৰে । তেওঁলোকৰ সকলো নথি-পত্ৰ চাই তেওঁলোক বাংলাদেশী নাগৰিক বুলি নিশ্চিত কৰা হৈছে । তাৰ পিছত লগে লগে তেওঁলোকক ভাৰতত প্ৰৱেশত বাধা দিয়া হয় আৰু বাংলাদেশ আৰক্ষীৰ লগত যোগাযোগ কৰি তেওঁলোকক ওভতাই পঠোৱা হয়।

লগতে পঢ়ক : Missing boy dead body found in Goroimari : পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট কিশোৰৰ মৃতদেহ