Food poisoning case in Majuli : মাজুলীত খাদ্যত বিষক্ৰিয়াৰ ঘটনা;অসুস্থ শিশুসহ ৪জনকৈ লোক
নিউজ ডেস্ক,১১আগষ্ট : খাদ্যত বিষক্ৰিয়া ।অসুস্থ শিশুসহ ৪জনকৈ লোক।
মাজুলীত সংঘটিত হৈছে খাদ্যত বিষক্ৰিয়াৰ ঘটনা। নামনি মাজুলীৰ মিছামৰাত বজাৰৰ পৰা অনা বুট-মগুত বিষক্ৰিয়া হৈ অসুস্থ শিশুসহ ৪জনকৈ লোক(Food poisoning case in Majuli) ।
ভুক্তভোগী লোকসকলে জানিবলৈ দিয়া অনুসৰি, বজাৰৰ পৰা অনা বুট-মগু খাই এই বিষক্ৰিয়া সংঘটিত হৈছে । স্থানীয় বজাৰৰ পৰা এই বুট-মগুখিনি অনা হৈছিল বুলি ভুক্তভোগীৰ আত্মীয়ই জনায় ৷ বুট-মগু আৰু মিচৰ খোৱাৰ পিচতে লোকসকল শাৰীৰিক অসুস্থতাত ভোগে আৰু বমি, শৌচ কৰিবলৈ ধৰে । বমি, শৌচৰ সমান্তৰালভাবে ভুক্তভোগীকেইজনৰ শৰীৰৰ উত্তাপো বৃদ্ধি হয় ৷
ইয়াৰ পাচতে পৰিয়ালৰ লোকে ততাতৈয়াকৈ ভুক্তভোগীসকলক মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰাইছে বুলি জানিবলৈ দিয়ে । বৰ্তমানেও ভুক্তভোগী লোককেইজন চিকিৎসালয়তে আছে(Food poisoning case in Majuli)৷