DGP GP Singh’s statement on the Dhakuakhana murder case : সুনীল গগৈ সন্দৰ্ভক মুখ খুলিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে

নিউজ ডেস্ক,১১আগষ্ট : সুনীল গগৈ সন্দৰ্ভক মুখ খুলিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে।
“সুনীল গগৈ জীয়াই আছে। বহিঃৰাজ্যত আছে সুনীল গগৈ।”, এই কথা আজি প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে।
জি পি সিঙে কয় যে সুনীল গগৈৰ ফুটপ্ৰিণ্ট লাভ কৰিছে আৰক্ষীয়ে, কিন্তু ম’বাইল বন্ধ কৰি ৰাখিছে আৰু সঘনাই নম্বৰ সলনি কৰাৰ বাবে ১০০% নিশ্চিত ঠিকনা পোৱা নাই। বিভিন্ন স্থানত সুনীল গগৈৰ উপস্থিতিৰ তথ্য লাভ কৰিছে চিআইডিয়ে। ইয়াৰ পূৰ্বে, CIDৰ IGP সংযুক্তা পৰাশৰেও সুনীল গগৈৰ পত্নীক সুনীল গগৈ জীয়াই আছে বুলি আশ্বস্ত কৰিছিল আৰু তেওঁক বগা সাজ পৰিধান কৰিবলৈ বাৰণ কৰিছিল(DGP GP Singh’s statement on the Dhakuakhana murder case)।
আঢ়ৈ মাহ অতিক্ৰম কৰিলে ঢকুৱাখনাৰ ৰহস্যজনক হত্য়াকাণ্ডৰ । আহি আছে এটাৰ পিছত আন এটা নতুন মোৰ । সুনীল গগৈক বিচাৰি চিআইডি আৰু আৰক্ষীয়ে মাৰাথন অভিযান অব্যাহত ৰাখিছে।
উল্লেখ্য যে, লখিমপুৰ ঢকুৱাখনাৰ সাপতীয়া গাঁৱত প্ৰথমে ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ হত্যা আৰু তাৰপিছত সুনীল গগৈৰ সন্ধানহীন । যোৱা ১ জুনৰ পৰা সন্ধানহীন হৈ আছে সুনীল গগৈ। ১ জুনত সুনীল গগৈৰ ঘৰৰ চৌহদত উদ্ধাৰ হৈছিল জাহাংগীৰৰ মুণ্ডহীন মৃতদেহ। প্ৰথম অৱস্থাত সুনীল গগৈৰ মৃতদেহ বুলি পৰিয়ালে কৰিছিল শেষকৃত্য। পিছত DNA পৰীক্ষাত সুনীল গগৈৰ হৈ ৰাজমিস্ত্ৰী হিচাপে থকা জাহাংগীৰ হুছেইনৰ মৃতদেহ বুলি চিনাক্ত হয়। তাৰ পিছতে ঘটনাই ল’লে নতুন মোৰ(DGP GP Singh said that Dhakuakhana missing sunil gogoi is alive)।
আজি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সুনীল গগৈৰ সন্দৰ্ভত প্ৰদান কৰিলে বিস্ফোৰক মন্তব্য। ৰাজ্যৰ বাহিৰত আছে সুনীল গগৈ। ঘনে ঘনে সুনীলে সলাইছে মোবাইলৰ ছিম কাৰ্ড। সুনীল গগৈ সন্দৰ্ভত ডিজিপিৰ এই মন্তব্যই এতিয়া সমগ্ৰ হত্যাকাণ্ডৰ আকৌ এবাৰ নতুন মোৰ প্ৰদান কৰিলে।
লগতে পঢ়ক : Bangladesh Chief Justice resigns : বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত্যাগ