Local, Vocal, Global

Huge cache of weapons and explosives Recovered in Manipur: অশান্ত জৰ্জৰ মণিপুৰত জব্দ মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক সামগ্ৰী

নিউজ ডেস্ক,১১আগষ্ট : অশান্ত জৰ্জৰ মণিপুৰত পুনৰ নিৰাপত্তা বাহিনীৰ অভিযান । অভিযানত জব্দ মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক সামগ্ৰী । বিষ্ণুপুৰ, থৌবাল, টেংনোপাল আৰু পূব মণিপুৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই উদ্ধাৰ কৰা হয় মাৰণাস্ত্ৰসমূহ(Huge cache of weapons and explosives Recovered in Manipur)।

জানিব পৰা মতে, নিৰাপত্তা বাহিনীৰ অভিযান কালত ইম্ফল পূব জিলাৰ মংজাম এলেকাৰ পৰা এটা ইনছাছ ৰাইফল, চাৰিটা .৩০৩ এলএমজি মেগজিন, এটা একক বেৰেল বন্দুক, মেগজিনৰ সৈতে এটা ৯ এম এম পিষ্টল, দুটা আই ই ডি,আঠটা হেণ্ড গ্ৰেনেড, দুটা টিউব লঞ্চাৰ, পাঁচটা সজীৱ গুলী জব্দ কৰা হয়। আনহাতে, বিষ্ণুপুৰ জিলাৰ লেইংগাংটাবি এলেকাত অভিযান চলাই দুটা ১২ ব’ৰ একক বেৰেল ৰাইফল, এটা .৩০৩ ৰাইফল, আঠটা এইচ ই- ৩৬ গ্ৰেনেড, দুটা এছ এল আৰ মেগজিন, দুটা চাইনিজ হেণ্ড গ্ৰেনেডসহ বহুতো বিষ্ফোৰক সামগ্ৰী জব্দ কৰা হয়।

ইফালে, থৌবাল জিলাৰ ৱাথৌ ৰিজ এলেকাৰ পৰা এটা এ কে ৰাইফল,এটা ব’ৰ বেৰেল ৰাইফল, এটা এণ্টি-ৰাইট গান, দুটা ৯ এম এম পিষ্টল দহটা এইচ ই-৩৬ হেণ্ড গ্ৰেনেড, ৫৪টা সজীৱ গুলিসহ যথেষ্ট পৰিমাণৰ বিষ্ফোৰক জব্দ কৰে নিৰাপত্তা বাহিনীয়ে(Huge cache of weapons and explosives Recovered in Manipur)।

একেদৰে, টেংগন’পাল জিলাৰ মলনম গাৱৰ পৰা দুটা ডাবল বেৰেল গান, এটা MA Mk ll AK 47 modified ৰাইফল, এটা Single Barrel ৰাইফল, দুটা ৯ এম এম পিষ্টল, দহটা গ্ৰেনেডসহ বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।

লগতে পঢ়ক : Road Accident in Nagaon : ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলে’ৰ বাহনৰ;নিহত দুজন