Local, Vocal, Global

Drugs peddler arrested along with drugs : ধিঙত ড্ৰাগছসহ গ্ৰেপ্তাৰ ৭ সৰবৰাহকাৰী

ধিং,১০আগষ্ট : ধিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ সাত সৰবৰাহকাৰী ।

শুকুৰবাৰে নিশা ধিঙৰ গায়ন গাঁৱত ধিং আৰক্ষীয়ে অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ উৎখাত কৰে(Drugs peddler arrested along with drugs)।

উৎখাত কৰা চক্ৰটোৰ পৰা আৰক্ষীয়ে ৭.২৭ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।লগতে আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাৰ পৰা নগদ ধন ১৭৬৪০টকা জব্দ কৰে ।

ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে মাইনুল ইছলাম, আইনুল ইছলাম, মাইনা ৰবি দাস, আছাদুল ইছলাম, আছিকুল ইছলাম, বিল্লাল হুছেইন আৰু ছাদিকুল ইছলাম বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Road Accident in Sonapur: তীব্ৰবেগী চুইফট ডিজাইৰৰ খুন্দাত স্কুটিত;গুৰুতৰভাৱে আহত স্কুটি আৰোহী