Assam Govt Launches ‘Nijut Moina’ Scheme to Combat Child Marriage : আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ

নিউজ ডেস্ক,৮আগষ্ট : আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ল নিযুত মইনা আঁচনিৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ। নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১০ লাখ ছাত্ৰী উপকৃত হ’ব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
নিযুত মইনা আঁচনিয়ে সামৰি ল’ব ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীক। এই আঁচনিৰ আধাৰতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলে প্ৰতিমাহে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন(Assam government launches Nijut Moina Asoni to combat child marriage)।
আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলে গৰমৰ বন্ধৰ সময়খিনিক বাদ দি বাকী আটাইকেইটা মাহত প্ৰতি মাহে ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। তেওঁলোকে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নোহোৱা পৰ্যন্ত প্ৰতিমাহে ১১ তাৰিখে এই ধন লাভ কৰিব(Assam govt officially rolls out Nijut Moina Scheme, aims to curb child marriage)।
নিযুত মইনা আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী ১,০০০ টকাকৈ ১০ মাহলৈ মুঠ ১০,০০০ টকা লাভ কৰিব। স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে মাহিলী ১,২৫০ টকাকৈ ১০ মাহলৈ মুঠ ১২,৫০০ টকা। আনহাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে মাহিলী ২,৫০০ টকাকৈ ১০ মাহলৈ ২৫,০০০ টকাকৈ নিযুত মইনা আঁচনিৰ জৰিয়তে লাভ কৰিব। স্নাতকোত্তৰৰ বিবাহিতা ছাত্ৰীয়েও পাব নিযুত মইনা আঁচনিৰ ধন।
উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ বিয়াত বহিলে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্কুটী পোৱা ছাত্ৰীয়েও নাপাব নিযুত মইনা আঁচনিৰ ধন। বৰ্তমানৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰীয়ে নাপাই নিযুত মইনা আঁচনিৰ ধন। সাংসদ-মন্ত্ৰী-বিধায়কৰ সন্তানে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি ১০ অক্টোবৰৰ ভিতৰত দিয়া হ’ব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। আগন্তুক ৩ বছৰত এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব ৰাজ্যৰ ১০ লাখকৈ ছাত্ৰী। ৰাজ্য চৰকাৰে বাল্য বিবাহ ৰোধ, উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি আৰু ৰাজ্যত অধিক সংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰাৰ বাবে নিযুত মইনা আঁচনি প্ৰৱৰ্তন কৰিছে।