Himachal Pradesh Cloudburst Death Count Rises To 22 : পুনৰ পাহাৰীয়া ৰাজ্য হিমাচলত ডাৱৰ বিস্ফোৰণ;নিহত ২২জন, সন্ধানহীন বহু লোক

নিউজ ডেস্ক,৮আগষ্ট : পুনৰ পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশৰ সমেজ আৰু বাগী দলঙৰ সমীপত ডাৱৰ বিস্ফোৰণ হয় ৷ বুধবাৰে নিশা সংঘটিত হয় ডাৱৰ বিস্ফোৰণ ।এই ডাৱৰ বিস্ফোৰণ ফলত হিমাচল প্ৰদেশৰ শ্ৰীখণ্ডৰ সমীপত ৪৫ জন লোক পানীত উটি যায় ৷ এই ভয়ংকৰ দুৰ্ঘটনাত ২২জনকৈ লোক মৃত্যু মুখত পৰে । বৰ্তমানেও সন্ধানহীন হৈ আছে কেইবাজনো লোক(Himachal Pradesh Cloudburst Death Count Rises To 22) ।
এই ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ চতুৰ্দশ বেটেলিয়ন কমাণ্ডেণ্ট বলজিন্দৰ সিঙে কয় যে, এই ভয়ংক ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে এন ডি আৰ এফৰ কেবাটাও দল হিমাচল প্ৰদেশৰ উক্ত স্থানলৈ প্ৰেৰণ কৰা হয় । বৰ্তমানো দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত আছে(Himachal Pradesh cloudburst death toll mounts to 22, over 100 roads closed) ।
সংবাদ সংস্থা ANI ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সিঙে কয়, “এই বছৰ এনডিআৰএফৰ দলসমূহক হিমাচল প্ৰদেশৰ দূৰৱৰ্তী স্থানসমূহলৈ প্ৰেৰণ কৰা হৈছে, যাতে উদ্ধাৰ অভিযানত কোনো ধৰণৰ পলম নহয় । ইয়াৰ মাজতে বৃহস্পতিবাৰে পুৱাৰ ভাগলৈকে বুধবাৰে হোৱা ডাৱৰ বিস্ফোৰণত ১৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।’’
সিঙে লগতে কয় যে , “আমি এতিয়ালৈকে ১৩টা মৃতদেহ উদ্ধাৰ কৰিছো । ইয়াৰ পূৰ্বেও চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু দহজন লোক নিৰুদ্দেশ হৈছিল ৷ আমি এতিয়ালৈকে ৯টা মৃতদেহ উদ্ধাৰ কৰিছো । এজন ব্যক্তিৰ সম্ভেদ এতিয়াও পোৱা হোৱা নাই ।’’
উল্লেখ্য যে, ৭ আগষ্ট তাৰিখে সমগ্ৰ ৰাজ্যত বৰষুণৰ মাত্ৰা অধিক হ’ব বুলি IMD য়ে এক প্ৰতিবেদনত প্ৰকাশ কৰিছিল ৷ মাণ্ডী জিলাৰ যোগীন্দৰ নগৰত ২৪ ঘণ্টাৰ ভিতৰত সৰ্বাধিক ১১০ এম এম বৰষুণ হোৱা বুলি বুধবাৰে আই এম ডি হিমাচল প্ৰদেশৰ মুৰব্বী কুলদীপ শ্ৰীবাস্তৱে কয় যে বিভিন্ন অঞ্চলৰ বাবে সতৰ্কবাণী জাৰি কৰিছিল ।