Burmese Supari Seized in Merapani : মেৰাপানীত বলেৰ’ পিক আপ ভানসহ জব্দ বাৰ্মিজ চুপাৰী
নিউজ ডেস্ক,৭আগষ্ট : অব্যাহত আছে অসম-নাগালেণ্ড সীমান্তৰে অবৈধভাবে বাৰ্মিজ চুপাৰিৰ সৰবৰাহ। নিতৌ ন ন কৌশল অৱলম্বন কৰি অসম-নাগালেণ্ড সীমান্তৰে সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে বাৰ্মিজ চুপাৰিৰ সৰবৰাহ(Burmese Supari Seized in Merapani) ৷
বুধবাৰে গোলাঘাটৰ মেৰাপানীৰ নলিনীপথাৰত গাঁওৰক্ষী বাহিনীৰ দলৰ এখন বলেৰ’ পিক আপ ভানৰ ওপৰত সন্দেহ ওপজে আৰু পিক আপ ভান ৰখাই সোধ-পোছ কৰে ৷এই সোধ-পোছ চলাওতেই মাটিকঁঠালৰ তলত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি প্ৰত্যক্ষ কৰে । বলেৰ’ পিক আপ ভানখনৰ পঞ্জীয়ন নম্বৰ AS 02 DC 0919 ৷ ভানখনত আনাৰসৰ তলত ৯ বস্তা চুপাৰী লুকুৱাই অনাৰ কথা চালকে গাঁওৰক্ষী বাহিনীৰ আগত কয় । পাছত গাঁওৰক্ষী বাহিনীৰ দলে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰে আৰু মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ গাঁওৰক্ষী বাহিনীৰ দলে পিক আপ ভানখন মেৰাপানী আৰক্ষীক গতাই দিয়ে(Burmese Supari Seized in Merapani) ।
আৰক্ষীয়ে বাহনখনৰ সৈতে অহা দুজন লোক শ্ৰীকান্ত মণ্ডল আৰু আব্দুল কালামক আটক কৰিছে ।
চালক শ্ৰীকান্ত মণ্ডলে দিয়া স্বীকাৰোক্তি অনুসৰি, নগাপাহাৰৰ নামনি অংশৰ পৰা নগাঁও জিলাৰ জখলাবন্ধালৈ বুলি চুপাৰিখিনি সৰবৰাহৰ চেষ্টা চলাইছিল । জব্দকৃত চুপাৰিখিনিৰ মূল্য এক লাখৰ অধিক হ’ব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :Flash floods in guwahati : মহানগৰীৰ বান ৰাইজে নিজে সৃষ্টি কৰা বান -ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা