Local, Vocal, Global

Sensational Incident : নৃশংস !পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক

নিউজ ডেস্ক,৭আগষ্ট : এক নৃশংস হত্যাকাণ্ড । পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক ।

হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ লাহৰীঘাটত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা ।

জানিব পৰা মতে, লাহৰীঘাটৰ অমৰাগুৰিত মঙলবাৰে নিশা পুত্ৰ আৰু পত্নীয়ে মিলি আবু বক্কৰ ছিদ্দিক নামৰ এজন লোকজনক হত্যা কৰি পলায়ন কৰে। বুধবাৰে পুৱা টোপনিৰ পৰা সাৰ পাই দুই নাবালক সন্তানে বিছনাত প্ৰত্যক্ষ কৰে পিতৃৰ মৃতদেহ। আনহাতে, জ্যেষ্ঠ ভাতৃ আৰু মাতৃক ঘৰত বিচাৰি নোপোৱাত চিঞৰ-বাখৰ কৰাত ওচৰ-চুবুৰীয়া উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়াৰ লগে লগে ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

ইফালে,বুধবাৰে পুৱাই লাহৰীঘাট থানাত আত্মসমৰ্পণ কৰে মৃত আবু বক্কৰ ছিদ্দিকৰ পত্নী আৰু পুত্ৰই। জানিব পৰা মতে, পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল স্বামীক। সম্প্ৰতি লাহৰীঘাট আৰক্ষীয়ে পত্নী আৰু পুত্ৰক সোধা-পোছা অব্যাহত ৰাখিছে। এই নৃশংস হত্যাকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে(Sensational Incident)।

লগতে পঢ়ক : Vinesh Phogat disqualified from 50kg wrestling final for being overweight : ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটক অলিম্পিকৰ পৰা অযোগ্য ঘোষণা