Drugs seized from Lumding Railway : লামডিং ৰেলৱে জংচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ

নিউজ ডেস্ক,৬জুলাই : পুনৰ লামডিং ৰেলৱে জংচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ । ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে নিচাজাতীয় সামগ্ৰীখিনি(Drugs seized from Lumding Railway)।
জানিব পৰা মতে, লামডিং ৰেল আৰক্ষী আৰু আৰপিএফৰ চিআইবি(CIB)ৰ যৌথ অভিযান চলাই ।অবিযানত লামডিঙত প্ৰায় ১০লাখ টকাৰ ২০হাজাৰ টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰে।
১৫৬৬৬ নামনিমুৱা মৰিয়নি গুৱাহাটী বিজি এস্কপ্ৰেছ ৰেলৰ সাধাৰণ শ্ৰেণীৰ D1 ডবাৰ এটা চিটৰ তলত পৰিত্যক্ত অৱস্থাত জব্দ কৰে সামগ্ৰীখিনি। জব্দাকৃত সামগ্ৰীখিনি ডিমাপুৰৰ পৰা সৰবৰাহ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ এই পৰ্যন্ত ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই(Drugs seized from Lumding Railway)৷
লগতে পঢ়ক : Lat Mandal Caught red-handed while accepting bribe : উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডলসহ চালক