Bangladesh president orders release of ex-PM Khaleda Zia : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুক্তিৰ নিৰ্দেশ

নিউজ ডেস্ক,৬আগষ্ট : প্ৰধানমন্ত্ৰীৰ শ্বেখ হাছিনাৰ পদত্যাগৰ পিছতে বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা দেশৰ বিশিষ্ট বিৰোধী নেত্ৰী খালেদা জিয়াৰ মুক্তিৰ নিৰ্দেশ জাৰি কৰে । আল জাজিৰাৰ বাতৰিত এই কথা প্ৰকাশ(Bangladesh president orders release of ex-PM Khaleda Zia) ।
সোমবাৰে এক বিবৃতিত ৰাষ্ট্ৰপতিৰ প্ৰেছ বিভাগে কয় যে চাহাবুদ্দিনৰ নেতৃত্বত এখন বৈঠকত ‘বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ (বি এন পি) অধ্যক্ষ বেগম খালেদা জিয়াক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ সৰ্বসন্মত সিদ্ধান্ত লোৱা হৈছে’ ।
ৰাষ্ট্ৰপতিৰ বিবৃতিত লগতে কোৱা হৈছে, “ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত গ্ৰেপ্তাৰ হোৱা সকলো লোকক মুক্ত কৰাৰ সিদ্ধান্তও বৈঠকত লোৱা হৈছে ।” ৰাষ্ট্ৰপতিৰ বৈঠকত বাংলাদেশ নেচনেল পাৰ্টী (বি এন পি) আৰু জামাত-ই-ইছলামীকে ধৰি বিভিন্ন বিৰোধী দলৰ বিশিষ্ট নেতাসকলৰ লগতে নৌ-সেনা আৰু বায়ুসেনাৰ মুৰব্বী সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানো উপস্থিত থাকে ।
উল্লেখ্য যে, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৭৮ বছৰীয়া খালিদা জিয়া নিজৰ স্বাস্থ্যজনিত কাৰণত বাবে চিকিৎসালয়তে বন্দী হৈ আছে । ২০১৮ চনত দুৰ্নীতিৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিচত তেওঁক ১৭ বছৰৰ কাৰাদণ্ড প্ৰদান কৰা হৈছিল(Bangladesh president orders release of jailed ex-PM Khaleda Zia as Sheikh Hasina flees country) ।
আল জাজিৰাৰ মতে, জিয়া আৰু হাছিনাৰ মাজত বিবাদ দীৰ্ঘদিনীয়া । জিয়াই নিজৰ পদবীৰ অপব্যৱহাৰ কৰি অনাথ আশ্ৰমৰ বাবে এটা ট্ৰাষ্টৰ কাৰণে আৱণ্টন কৰা প্ৰায় ২,৫০,০০০ আমেৰিকান ডলাৰ অনুদান আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল । আনহাতে, বি এন পিয়ে দাবী কৰে যে জিয়াক ৰাজনীতিত প্ৰৱেশ কৰাত বাধা দিবলৈ এই গোচৰবোৰ সৃষ্টি কৰা হৈছিল; অৱশ্যে হাছিনাৰ প্ৰশাসনে এই দাবীসমূহ খণ্ডন কৰে ।
ইফালে যোৱা মাহৰ পৰা চৰকাৰী চাকৰিৰ কোটাৰ বিৰুদ্ধে প্ৰতিবাদ সৰ্বাত্মক হৈ পৰাত ২,০০০ ৰো অধিক লোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । তাৰ সমান্তৰালভাৱে প্ৰতিবাদবোৰো অধিক মাত্ৰাত হয় আৰু হাছিনাৰ পদত্যাগৰ দাবী দেশজুৰি তীব্ৰতৰ হৈ পৰে ।