Huge cache of arms including five militants seized in manipur : অশান্ত জৰ্জৰ মণিপুৰত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ উগ্ৰপন্থী

নিউজ ডেস্ক,৬আগষ্ট : পুনৰ অশান্ত জৰ্জৰ মণিপুৰত উগ্ৰপন্থী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান । নিৰাপত্তা বাহিনীৰ অভিযান থৌবাল আৰু কাকছিং জিলাত । অভিযানত গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত সংগঠনৰ পাঁচজন উগ্ৰপন্থী লগতে জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ(Huge cache of arms including five militants seized in manipur) ।
জানিব পৰা মতে, নিৰাপত্তা বাহিনীৰ অভিযানৰ সময়ত কাকছিং জিলাৰ পৰা ৪জন KYKL উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে থৌবাল জিলাৰ পৰা United Revolutionary Front (URF) ৰ এজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। ধৃত উগ্ৰপন্থী কেইজন এলাঙবাম ৰাজেন সিং, নিংথৌজাম ইবোমছা সিং,মাইবাম ৰোছান সিং, মাইবাম নাওচা সিং আৰু বুদ্ধ মেইটেই ওৰফে ডাইমাল বুলি চিনাক্ত কৰা হৈছে ।
গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীকেইজন অপহৰণ, ধনদাবী আদি বিভিন্ন অপৰাধত জড়িত বুলি জানিব পৰা গৈছে । তেওঁলোকৰ পৰা মেগজিনসহ এটা পিস্তল, তিনি জাঁই সংক্ৰিয় গুলি, ধন দাবী পত্ৰ, এখন চাৰিচকীয়া বাহন, এখন বাইকসহ বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।
আনহাতে, থৌবাল জিলাত চলোৱা আন এক অভিযানত মেগজিনসহ দুটা নাইন এম এম মেচিন গান, দুটা ৯ এম এম পিষ্টল, এটা পইন্ট থ্ৰি টু পিস্তল, দুটা থ্ৰি জিৰো থ্ৰি ৰাইফল, এটা 12-Bore Single Barrel Gun, নটা Hand Grenade, ১২৩ টা সতেজ গুলি, এটা Tube Launcher, চাৰিডাল ডিটেনেটৰসহ বুজন সংখ্যক বিষ্ফোৰক আৰু অনান্য সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে(Huge cache of arms including five militants seized in manipur)।