Local, Vocal, Global

Truck loaded with illegal liquor seized in Silapathar : চিচিবৰগাঁৱৰ নিলখত জব্দ অৰুণাচলী সুৰাভৰ্তি তিনিখন বাহন

নিউজ ডেস্ক,৬আগষ্ট : ধেমাজি জিলাৰ অসম-অৰুণাচলৰ সীমান্ত চিচিবৰগাঁৱৰ নিলখত অৰুণাচলী সুৰাভৰ্তি তিনিখন বাহন জব্দ। সোমবাৰে নিশা নিলখ গাঁও পঞ্চায়তৰ জেংৰাই সুন্দৰপুৰত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কিছুসংখ্যক নেতা-কৰ্মীৰ তৎপৰতাত অৰুণাচল প্ৰদেশৰ লিকাবালিৰ পৰা জব্দ কৰে সুৰাভৰ্তি বাহনকেইখন ।

জব্দকৃত বাহন কেইখনৰ নম্বৰ হৈছে- এ এচ ২২- চি- ৯৩৩৩, এ এচ ২২- চি- ৯২৫১ আৰু এ এচ ২২- চি- ৮৫৪৯ নম্বৰৰ বলেৰ’ পিকাপভান। প্ৰতিখন বাহনৰ পৰা ২৫০ কাৰ্টুনকৈ বিলাতী সুৰা জব্দ কৰে।

এক গোপন সুত্ৰৰ পম খেদি নিলখ হৈ অসমত প্ৰৱেশ কৰা সময়তে সংগঠন দুটাৰ নেতা-কৰ্মীসকলে গাড়ীসহ সুৰাখিনি জব্দ কৰে।

জানিব পৰা মতে, অসমৰ সীমান্তত অৱস্থিত অৰুণাচলৰ কাংকু বস্তিত এক গোপন স্থানত অৰুণাচলী সুৰাৰ বটলসমূহৰ পৰা অৰুণাচলৰ লেবেল আঁতৰাই অসমৰ লেবেল লগাই অসমত বিক্ৰী কৰিবলৈ বৈধ ৰূপ দিয়াৰ পৰিকল্পনা কৰিছিল । এই পন্থাৰে অনা সুৰাখিনি চিলাপথাৰৰ আৰক্ষীয়ে নিশা ঘটনাস্থলীৰ পৰা গাড়ীসহ জব্দ কৰে(Truck loaded with illegal liquor seized in Silapathar)।

আৰক্ষীয়ে বাহনকেইজন জব্দ কৰি চিলাপথাৰ পি এছ গোচৰ নং ১৫০/২৪ ইউ/এছ-৩০৩(২)/৩১৭(২)বিএনএছ আৰ/ডব্লিউ ধাৰা ৫৩(১)(ক) অসম আবকাৰী আইনত এক গোচৰ ৰুজু কৰে।

ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বসন্ত গগৈ, বিদ্যুৎ চুতীয়া, ৰবীন্দ্ৰ লাহন, ধীৰাজ সোণোৱাল নামৰ লোককেইজনক আটক কৰে(Truck loaded with illegal liquor seized in Silapathar)।

জব্দ কৰা বাহনকেইখনৰ লগে আটক কৰা চালককেইজনক জেল-হাজোতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : IMD warns of heavy rain for next 5 days : আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনাৰ