Local, Vocal, Global

IMD warns of heavy rain for next 5 days : আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনাৰ

নিউজ ডেস্ক,৬আগষ্ট : আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনাৰ । লগতে অসমত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে(IMD warns of heavy rain for next 5 days) ।

অসমৰ কেতবোৰ স্থানত এই সময়ছোৱাত বিজুলী ঢেৰেকণিৰ লগতে ধাৰাসাৰ বৰষুণৰ প্ৰৱল সম্ভাৱনা আছে। অসমৰ উপৰি মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামতো আহিব পাৰে প্ৰচণ্ড বৰষুণ।

এনেক্ষেত্ৰত উল্লেখিত ৰাজ্যকেইখনৰ বাসিন্দাসকলক অপ্ৰয়োজনত বাহিৰলৈ অহা তথা পৰ্যটন আদিৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে।

লগতে পঢ়ক : Dilapidated bridge in Goalpara : এখন জৰাজীৰ্ণ দলঙে জ্বলা কলা খুৱাইছে কলাবাৰীৰ ৰাইজ