Assam Police official goes missing : নাজিৰাৰ পৰা নিৰুদ্দেশ আৰক্ষী জোৱান
নিউজ ডেস্ক,৫আগষ্ট : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য( Assam Police official goes missing)।
এইবাৰ নিৰুদ্দেশ আৰক্ষী জোৱান । নাজিৰাৰ পৰা নিৰুদ্দেশ হয় আৰক্ষী জোৱানজন । নিৰুদ্দেশ জোৱানজন ৰবিৰুল হুছেইন ৷
জানিব পৰা মতে, ২৭ জুলাইত ঘৰৰ পৰা মানকাচৰস্থিত কৰ্মস্থলীলৈ পুৱাই ওলাই গৈছিল জোৱানজন ৷ তেতিয়াৰ পৰা জোৱান ৰবিৰুলৰ মোবাইল অফ হৈ আছে ৷ সম্প্ৰতি চিন্তিত হৈ পৰিছে ৰবিৰুলৰ পৰিয়ালৰ লগতে হাবিগাঁৱৰ ৰাইজ ৷
লগতে পঢ়ক :Sheikh Hasina may have resigned : বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ !