Sheikh Hasina may have resigned : বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ !
নিউজ ডেস্ক,৫আগষ্ট : বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ। বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশ এৰি পলায়ন কৰে (Sheikh Hasina may have resigned)।
বিশেষ সূত্ৰৰ পৰা জানিব পৰা খবৰ অনুসৰি, ‘ঢাকা পেলেচ’ এৰি সেনাৰ হেলিকপ্তাৰেৰে ভগ্নীৰ সৈতে দেশ এৰি পলায়ন হাছিনাই । ভগ্নী ৰেহানাক লৈ শ্বেখ হাছিনাই পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।
সূত্ৰৰ খবৰ অনুসৰি, ইয়াৰ পূৰ্বে বাংলাদেশৰ সেনা বাহিনীৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী হাছিনাক সময় বান্ধি দিয়া হয় পদত্যাগ কৰাৰ বাবে। ৪৫ মিনিট সময় তেওঁক দিয়া হৈছিল বুলি খবৰ। তাৰ পিছতে হাছিনাই পদত্যাগ কৰে।
বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি , দেশ এৰাৰ পূৰ্বে হাছিনাই জনতাক উদ্দেশ্যি ভাষণ ৰেকৰ্ড কৰিব বিচাৰিছিল। তেওঁক সেই সুযোগো নিদিলে বাংলাদেশ সেনাই। কিছু সময় পিছতে জনতাক উদ্দেশ্যি ভাষণ দিয়াৰ সম্ভাৱনা আছে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে(Sheikh Hasina Resigns As PM Amid Massive Unrest)।
উল্লেখ্য যে ক্ৰমানে হিংসাত্মক ৰূপ ধাৰণ কৰিছে বাংলাদেশত। বিগত কেইবাদনো ধৰি চৰকাৰবিৰোধী আন্দোলন চলিছে বাংলাদেশত। আন্দোলনকাৰীসকলৰ দাবী আছিল – হাছিনা চৰকাৰৰ পদত্যাগ। দেওবাৰে বিক্ষোভকাৰীসকলৰ সৈতে আৰক্ষীৰ সংঘৰ্ষত শতাধিক লোকে প্ৰাণ হেৰুৱায়। পৰিস্থিতি ক্ৰমাৎ জটিল হৈছে। তাৰ পিছতে সোমবাৰে পদত্যাগ কৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই।
লগতে পঢ়ক : Elephant menace in Jamugurihat : নদুৱাৰ সমষ্টিৰ অন্তৰ্গত ঢাৰিকাটি পালেঙ গাঁৱত বন্যহস্তীৰ তাণ্ডৱ