Local, Vocal, Global

Road Accident in Boko : তীব্ৰবেগী নৈশ বাছে মহতিয়াই নিলে পথচাৰীক

বকো,৫আগষ্ট : বকোত দেওবাৰে নিশা ভয়ংকৰ পথ দূৰ্ঘটনা। বকো‌ আৰক্ষী থানাৰ সমীপতে সংঘটিত হয় ভয়াবহ দুৰ্ঘটনাটো।

জানিব পৰা মতে, তীব্ৰবেগী নৈশ বাছে খুন্দা মাৰে পথচাৰীক। বাছৰ খুন্দাত থিতাতে নিহত পথচাৰীজন । নিহত লোকজন জীতেন ৰাভা (৬৫)বুলি জানিব পৰা গৈছে । জীতেন ৰাভাৰ ঘৰ বকোৰ ডাকুৱাপাৰাত ।

ধুবুৰীৰ পৰা যোৰহাট অভিমুখে গৈ আছিল বাছখন। দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ AR 16A5000(Road Accident in Boko) ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে বকো আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু নৈশ বাছখনখনক জব্দ কৰে‌ । বকো আৰক্ষী থানাত আৱদ্ধ নৈশবাছখন।

লগতে পঢ়ক : Tiger terror at Najira : নাজিৰাৰ খামুন অভয়পুৰীয়া গাঁৱত বাঘৰ সন্ত্ৰাস