Local, Vocal, Global

Assam singer Anupam Saikia meets with car accident in Samaguri : শিল্পী অনুপম শইকীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক,৫আগষ্ট : চামগুৰিৰ ৰঙাগড়াত চাৰিখনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত সংগীত শিল্পী অনুপম শইকীয়াসহ আন কেইবাজনো আৰোহী আঘাতপ্ৰাপ্ত।

জানিব পৰা মতে, এখন হুণ্ডাই বাহন লৈ সংগীত শিল্পীগৰাকী যোৰহাট অভিমুখে গৈ আছিল। ৰঙাগড়াত এখন মটৰচাইকেলে অগা-দেৱা কৰাত দুৰ্ঘটনাটোত পতিত হয় পিছত আহি থকা এখন মেজিক, অনুপম শইকীয়া থকা হুণ্ডাই বাহনখন আৰু আন এখন ডাম্পাৰ(Assam singer Anupam Saikia meets with car accident in Samaguri)।

ঘটনাটো সংঘটিত কৰাৰ পিছতেই ঘটনাস্থলীৰ পৰা ডাম্পাৰখনে পলায়নৰ চেষ্টা কৰে যদিও আবদ্ধ কৰি থয় ঘটনাস্থলীতে। দুৰ্ঘটনাটোৰ ফলত সামান্য পৰিমাণেহে আহত হৈছে কণ্ঠশিল্পী অনুপম শইকীয়া।

চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি শিল্পীগৰাকী ৰাওনা হয় নিজ বাসগৃহ অভিমুখে। ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বাহনকেইখন।

লগতে পঢ়ক :Dilip Moran, former BJP MLA from Doomdooma constituency, meets Bhupen Bora : ভূপেন বৰাক সাক্ষাৎ ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণৰ