Arunachal wine seized in Jamugurihat: লখৰাৰ কলিয়া গোসাঁই সত্ৰৰ সমীপত উদ্ধাৰ বুজন পৰিমাণৰ অৰুণাচলী সুৰা

জামুগুৰিহাট,৪আগষ্ট : শোণিতপুৰত আবকাৰী বিভাগৰ অভিযান । অভিযানত শোণিতপুৰৰ লখৰাত জব্দ বুজন পৰিমাণৰ অৰুণাচলী সুৰা । লখৰাৰ কলিয়া গোসাঁই সত্ৰৰ সমীপত আবকাৰী বিভাগে জব্দ কৰে সুৰাখিনি ৷
জানিব পৰা মতে, সত্ৰৰ কাষৰ এখন ঘৰত অবৈধভাৱে মজুদ কৰি ৰাখিছিল অৰুণাচলী সুৰাখিনি৷ জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ২ লাখ ৪৭ হাজাৰ টকা হব বুলি আবকাৰী সুত্ৰত প্ৰকাশ(Arunachal wine seized in Jamugurihat)৷
লগতে পঢ়ক : Chapar Eviction: চাপৰৰ চিৰাকুটাত উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি