Local, Vocal, Global

poor conditions of roads : জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক

ধিং,৪আগষ্ট : বটদ্ৰৱাত স্থানীয় ৰাইজৰ পথত ভূঁই ৰুই প্ৰতিবাদ।

নগাঁও জিলাৰ নতুনকৈ সংযোজন হোৱা নগাঁও বটদ্ৰবা দলঙঘাটত উন্নয়ন খণ্ডৰ আইভেটি পঞ্চায়তৰ অন্তৰ্গত সোনাইপাৰ আদশ গাঁৱৰ এটি পথে জুৰুলা খোৱাইছে স্থানীয় ৰাইজক। এই পথটো সোনাই পাৰ আদৰ্শ গাঁৱৰ ৰাইজৰ এক মাত্ৰ পথ(poor conditions of roads)।

ৰাইদঙীয়া ডিমৌগুৰি গড়কাপ্তানী পথৰ পৰা সংযোজন হোৱা সোনাইপাৰ আদশ গাঁৱৰ স্থানীয় ৰাইজ আজি ওলাই আহি পথটোত ভূঁই ৰুই প্ৰতিবাদ কৰে।পথটোৰ বাবে কেইবাবাৰো স্থানীয় বিধায়ক শিৱা মনি বৰাক অৱগত কৰা হৈছিল যদিও আজি পৰ্যন্ত নিৰ্মান নহয় পথটো । পথটো নিৰ্মাক লৈ স্থানীয় ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰে।

জানিব পৰা জৰাজীৰ্ণ পথটোৰ বাবে কেইবাবাৰো পথ দুৰ্ঘটনা সংঘটিত হয় ।

এই পথটো অতি সোনকালে নিৰ্মান নকৰিলে পুনৰ প্ৰতিবাদত নামিব বুলি হুংকাৰ দিয়ে ৰাইজে। অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিধায়ক ৰূপক শৰ্মাক পথটো অতি সোনকালে নিৰ্মান কৰি দিবলৈ আহ্বান জনাই।

লগতে পঢ়ক : Elephant menace in Goreswar : গোৰেশ্বৰত অব্যাহত আছে হাতী-মানুহৰ সংঘাত