Elephant menace in Goreswar : গোৰেশ্বৰত অব্যাহত আছে হাতী-মানুহৰ সংঘাত
নিউজ ডেস্ক,৪আগষ্ট : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Goreswar) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোৰেশ্বৰত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । গোৰেশ্বৰৰ ঢেকীপোটাত শনিবাৰে নিশাই বন্যহস্তীৰ উপদ্ৰৱ চলাই ৷ নিশা হাতীৰ জাকৰপৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে উপদ্ৰৱ চলাই তচনচ কৰে সুলভ মুল্যৰ দোকানৰ লগতে অঞ্চলটোৰ কৃষিভূমি। গিৰীন্দ্ৰ মেধি নামৰ লোকজনৰ সুলভ মুল্যৰ ভাঙি তচনচ কৰে ।
জানিব পৰা মতে, বৰ্তমান ঢেকীপোটা দলংৰ কাষৰ জংঘলত বিচৰণ কৰি আছে হাতীৰ জাকটোৱে। হাতীৰ জাক চাবলৈ ভিৰ কৰিছে বহুলোকে । ইপিনে বন বিভাগে হাতী খেদি পঠিওৱাত ব্যৰ্থ হোৱাৰ বাবে বিনীদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । শীঘ্ৰে জংঘলত বিচৰণ কৰি থকা হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান ৰাইজৰ।