Tower Crane Collapses In Dalmia cement factory : উমৰাংছ’ৰ চিমেণ্ট ফেক্টৰীত অঘটন;নিহত ৫জন,আহত কেইবাজনো

নিউজ ডেস্ক,৪আগষ্ট : উমৰাংছ’ৰ চিমেণ্ট ফেক্টৰীত সংঘটিত হৈছে ভয়ংকৰ অঘটন।উমৰাংছ’ৰ ডালমিয়া ভাৰত চিমেণ্ট ফেক্টৰীত ক্ৰেন ভাঙি পৰিল । ফলত আহত কেইবাজনো শ্ৰমিক(Tower Crane Collapses In Dalmia cement factory) ।
জানিব পৰা অনুসৰি এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে নিহত হয় ৫জনকৈ শ্ৰমিক।লগতে আহত হয় কেইবাজনো শ্ৰমিক । আহত শ্ৰমিককেইজনক বৰ্তমান হোজাইৰ হাম হাস্পতালত ইতিমধ্যে ভৰ্তি কৰা হৈছে(5 Dead, Several Injured After Tower Crane Collapses In Dalmia cement factory)।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ সময়ত প্ৰায় সহস্ৰা়ধিক শ্ৰমিকে প্লাণ্টটোত কাম কৰি আছিল। আহত শ্ৰমিকৰ সংখ্যাও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। উদ্ধাৰকাৰী বাহিনীয়েও বৰ্তমানেও উদ্ধাৰ কাৰ্য চলাই আছে।
অৱশ্যে এই ভয়ংকটো সংঘটিত হোৱাৰ পিছৰে পৰা সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰে পৰা বিৰত আছে চিমেণ্ট ফেক্টৰী কৰ্তৃপক্ষ।