Theft in Dhakuakhana : ঢকুৱাখনা আৰক্ষীলৈ কেৰেব নকৰে একাংশ চোৰে; দিন দুপৰতে চোৰে চলালে লুটপাত

নিউজ ডেস্ক,৩আগষ্ট : ঢকুৱাখনা আৰক্ষীলৈ কেৰেব নকৰে একাংশ চোৰে । ঢকুৱাখনা নগৰত চোৰৰ লুটপাত।
শুক্ৰবাৰে পুনৰ ঢকুৱাখনা সদৰৰ মহঘুলি অঞ্চলৰ এটা ঘৰত দিন দুপৰতে চোৰে চলাই লুটপাত । নগৰৰ শিৱ মন্দিৰৰ সমীপৰ ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰবক্তা অসীম সন্দিকৈ আৰু স্বাস্থ্য বিভাগৰ বিষয়া বন্দনা সন্দিকৈৰ ঘৰত শুক্ৰবাৰে দুপৰীয়া কোনো নথকাৰ সুযোগ লৈ দুৱাৰৰ লক ভাঙি সন্দিকৈ দম্পতিৰ কোঠাত প্ৰৱেশ কৰে । কোঠাৰ আলমিৰাৰ লক খুলি বহু পৰিমাণৰ সোণৰ আ অলংকাৰ ,নগদ ধন আদি লুটি নিয়ে । বহু সময়ৰ পাছত গৃহস্থ ঘৰলৈ আহি এই লুটপাত প্ৰত্যক্ষ কৰে(Theft in Dhakuakhana) ।
জানিব পৰা মতে, প্ৰায় তিনি লক্ষাধিক মূল্যৰ সোণৰ অলংকাৰ ,নগদ ১০ হাজাৰ টকা লুটি লৈ যায় ।
এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত দুৰ্ভগীয়া সন্দিকৈযে এজাহাৰ দাখিল কৰিছে ।
লগতে পঢ়ক : Burmese supari seized : ধনশিৰি মহকুমাৰ বৰপথাৰত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি বাৰচকীয়া ট্ৰাক