Rhino menace in Teok : টীয়কৰ এজাৰগুৰিত গঁড়ৰ মুক্ত বিচৰণ

নিউজ ডেস্ক,৩আগষ্ট : ৰাজ্যত গঁড়ৰ সন্ত্ৰাস । গঁড়ৰ সন্ত্ৰাসত আতংক ৰাইজ ।
অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত সাধৰণতে বহু জন্তু এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী। ফলত সৃষ্টি হৈছে সংঘাত।
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Rhino menace in Teok)।
আমি প্ৰায়ে খবৰ লাভ কৰো যে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহে জন্তু । এইবাৰ টীয়কৰ এজাৰগুৰিত জনাঞ্চলত গঁড়ৰ বিচৰণ।
কলমৌৰ মাজত অৱস্থান গঁড়ৰ। এজাৰগুৰি অঞ্চলত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে গঁড়টো। গঁড়ৰ বিচৰণক লৈ অঞ্চলটোত আতংকময় পৰিৱেশ।
লগতে পঢ়ক : Japanese Encephalitis : কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ