Drugs peddler arrested along with drugs : মঙলদৈত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,১আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী (Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
মঙলদৈ আৰক্ষীৰ জালত পৰিছে এটা ড্ৰাগছ সৰবৰাহকাৰী। জানিব পৰা মতে মঙলদৈ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা ২ বজাত ইনটাজ আলি নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰিছে। মঙলদৈ চহৰৰ ২ নং ৱাৰ্ডৰ পৰা আটক কৰিছে সৰবৰাহকাৰীটোক।
অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ইনটাজে ড্ৰাগছৰ অবৈধ সৰবৰাহ চলাই আহিছিল। আৰক্ষীয়ে ইনটাজৰ পৰা ড্ৰাগছ ভৰ্তি ২৫ টা কণ্টেইনাৰ, এটা মোবাইল আৰু এখন মটৰ চাইকেল জব্দ কৰিছে।
জব্দকৃত মটৰচাইকেলখনৰ নম্বৰ এ এছ ১৩ কিউ ৩৬২৮। আজি আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোক মঙলদৈ আদালতত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।
লগতে পঢ়ক : Storm lash several places in Jamugurihat : জামুগুৰিহাটৰ প্ৰচণ্ড ধুমুহা;বিস্তৰ ক্ষতিসাধন