Local, Vocal, Global

Road Accident in Jamugurihat : দ-খাৱৈত বাগৰি পৰিল ছুইফ্ট ডিজায়াৰ বাহনে

নিউজ ডেস্ক,১আগষ্ট : জামুগুৰিহাটৰ তৌভঙাত ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত এখন ছুইফ্ট ডিজায়াৰ বাহানে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল দ-খাৱৈত ।

জানিব পৰা মতে, তৌভঙাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। সুৰা সেৱন কৰি বাহনখন চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে(Road Accident in Jamugurihat)।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ এছ ০২ এ এইছ ৫৭০৯। বাহনখন তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

অৱশ্যে সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ পাছতো সুৰাসক্ত চালকজন ৰক্ষা পৰে। কিন্তু বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

লগতে পঢ়ক : India’s Swapnil Kusale Clinches Bronze Medal : পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ ভাৰতৰ স্বপ্নিল কুশালৰ