Local, Vocal, Global

Kerala Wayanad Landslide : কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন;মৃতকৰ সংখ্যা ১৫০ গৰাকীলৈ বৃদ্ধি

নিউজ ডেস্ক,৩১জুলাই : কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন ! মৃতকৰ সংখ্যা ২৫৬ জনলৈ বৃদ্ধি ।৫৬ জনৰ ভিতৰত ৭৭ জন পুৰুষ, ৬৭ গৰাকী মহিলা আৰু ২২ টি শিশুক চিনাক্ত। বৰ্তমানলৈ কিমানজন লোক সন্ধানহীন হৈ আছে কোনো তথ্য লাভ কৰা নাই ।

প্ৰশাসনে সদৰি কৰা অনুসৰি, প্ৰাকৃতিক এই প্ৰলয়ত কোটি কোটি টকাৰ ঘৰ-বাৰী, গাড়ী-মটৰ এতিয়াও মাটিৰ তলতেই আছে।ভাৰতীয় সেনা, এছ ডি আৰ এফৰ লগতে নৌ সেনাৰ কেইবাটাও দলে এই উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে। আহতসকলৰ চিকিতসা ৱায়নাডৰ WIMS হাস্পতালত হৈ আছে। (Kerala Wayanad Landslide)।

বুধবাৰে ভূমিস্খলনৰ কবলত পৰা ৱায়ানাড়লৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা আছিল বিৰোধী দলপতি ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। কিন্তু প্ৰতিকূল বতৰৰ বাবে বুধবাৰে তেওঁলোকৰ ভ্ৰমণসূচী সাময়িকভাৱে বাতিল কৰিছে। সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে পোষ্ট কৰি কয় যে প্ৰবল বৃষ্টিপাতৰ বাবে আকাশীপথেৰে ৱায়ানাড়ত উপস্থিত হোৱাতো সম্ভৱ নহ’ব বুলি প্ৰশাসনৰ তৰফৰ পৰা তেওঁক জনোৱা হৈছে।

সেয়েহে আজি ৱায়ানাড়লৈ যাব সাংসদ ৰাহুল গান্ধী।

লগতে পঢ়ক : Double Disaster in Himachal: হিমাচল প্ৰদেশৰ ছিমলাত প্ৰকৃতিৰ তাণ্ডৱ !