Local, Vocal, Global

Wild Elephant Body in Golaghat : গোলাঘাটত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,৩১জুলাই : পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ । গোলাঘাট জিলাৰ কৌৱানী উপ বন কাৰ্যালয়ৰ অধীনৰ নামবৰ সংৰক্ষিত বনাঞ্চলত পানীৰ জুৱলিত উদ্ধাৰ এটা বন্যহস্তীৰ মৃতদেহ(Wild Elephant Body in Golaghat) ।

স্থানীয় লোকে অভিযোগ অনুসৰি কয় যে , “কোনো দুস্কৃতিকাৰীয়ে বন্যহস্তীটোক গুলীয়াই হত্যা কৰিছে । হাতীটোৰ শুৰডাল দুস্কৃতিকাৰীয়ে কাটি নিছে ।”

জানিব পৰা মতে, মঙলবাৰে স্থানীয় এজন লোকে হাবিত শাক বিচাৰি যাওঁতে প্ৰত্যক্ষ কৰে হাতীৰ মৃতদেহটো । লগে লগে লোকজনে স্থানীয় বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগ আৰু চিকিৎসকৰ দল উপস্থিত হৈ বন্যহস্তীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে(Wild Elephant Body in Golaghat) ।

লগতে পঢ়ক : Assam hearthrob Zubeen Garg discharged from hospital : বুধবাৰে নেমকেয়াৰ হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় জুবিন গাৰ্গক