Local, Vocal, Global

Assam Youth Goes Missing In Chennai : বহি:ৰাজ্যত কৰ্মৰ সন্ধানত গৈ নিৰুদ্দেশ ধেমাজি শ্ৰীপাণীৰ যুৱক কুম্ভ কোঁৱৰ

নিউজ ডেস্ক,৩১জুলাই : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Man Goes Missing)৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Goes Missing In Chennai) ।

পুনৰ বহি:ৰাজ্যত কৰ্মৰ সন্ধানত গৈ নিৰুদ্দেশ ধেমাজি শ্ৰীপাণীৰ যুৱক কুম্ভ কোঁৱৰ। ২৭ জুলাইত ধেমাজিৰ শ্ৰীপানী ২নং উদয়পুৰ গাঁৱৰ কুম্ভ কোঁৱৰে গাঁৱৰে চাৰিজন যুৱকৰ লগত কৰ্মৰ সন্ধানত গৈছিল কেৰেলা লৈ। সোমবাৰে নিশা এক বজাৰ পৰা কোনো সন্ধান নাই যুৱকজনৰ ।

কোনো সদাশয় লোকে কুম্ভ কোঁৱৰক দেখা পালে 8638363443 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ।

লগতে পঢ়ক : Foreign cigarettes seized in Amingaon : আমিনগাঁৱত জব্দ বিদেশী চিগাৰেট