Sensational Incident in Mangaldoi : প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰৰ পিছতে প্ৰেমিকে ল’লে চৰমপন্থা

নিউজ ডেস্ক,৩০জুলাই : প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰৰ পিছতে প্ৰেমিকে ল’লে চৰমপন্থা । প্ৰেমিকাক হত্যাৰ অভিযোগ পৰিয়ালে উত্থাপন কৰাৰ পাছত প্ৰেমিকে আত্মহনন কৰে।
ঘৰৰ নিলগত এডাল গছত চিপ লৈ চৰম সিদ্ধান্ত গ্ৰহণ কৰে চিণ্টু নাথে। চৰম সিদ্ধান্ত গ্ৰহণ কৰা নাথৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত দুমুনিচকীত।
উল্লেখ্য যে, মঙলবাৰে পুৱা ভাগত এই গাঁৱখনত উদ্ধাৰ হৈছিল কৃষ্ণামণি ডেকা নামৰ এগৰাকী ১৯বছৰীয়া যুৱতীৰ মৃতদেহ। বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হোৱা এই মৃতদেহৰ পাছতে হত্যাৰ অভিযোগ উঠিছিল প্ৰেমিক চিন্টু নাথলৈ। যুৱতীগৰাকীৰ পৰিয়ালে উত্থাপন কৰা অভিযোগ অনুসৰি, সোমবাৰে দিনা প্ৰেমিক চিন্টুৰ লগতে ঘৰৰ পৰা মন্দিৰলৈ বুলি ওলাই গৈছিল কৃষ্ণা। কিন্তু আজি পুৱা ঘৰৰ ওচৰত মৃত অৱস্থাত উদ্ধাৰ হয় কৃষ্ণা ডেকাক(Sensational Incident in Mangaldoi)।
মৃত কৃষ্ণা ডেকাৰ ডিঙি আৰু শৰীৰত আছে আঘাতৰ চিন। পৰিয়ালৰ ভাষ্য মতে ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ম’বাইল অফ আছিল কৃষ্ণা ডেকাৰ। নিশা পৰ্যন্ত ঘৰৰ মানুহে কৃষ্ণা ডেকাৰ ম’বাইলত ফোন কৰিও যোগাযোগ কৰিব নোৱাৰিলে। মাতৃৰ বাৰম্বাৰ অনুৰোধৰ পিছতো মন্দিৰলৈ বুলি ওলাই যোৱা সম্পূৰ্ণ এটা দিনৰ অন্তত কুয়াপাতা পাৰাত উদ্ধাৰ হয় কৃষ্ণা ডেকাৰ মৃতদেহ।
ইফালে যুৱতীগৰাকীৰ মাতৃৰ অভিযোগ যে প্ৰেমিকে হত্যা কৰিছে জীয়ৰীক। মঙলদৈৰ দুমুনীচকীৰ প্ৰেমিক চিণ্টু নাথে প্ৰায়ে যুৱতীগৰাকীক দিছিল প্ৰাণে মৰাৰ ভাবুকি। ৪ বছৰ ধৰি চিণ্টুৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক মৃত কৃষ্ণা ডেকাৰ। কিন্তু কৃষ্ণা ডেকাৰ মৃতদেহ উদ্ধাৰ কেইবা ঘণ্টা পিছত চৰম সিদ্ধান্ত লোৱা অৱস্থাত উদ্ধাৰ হয় চিণ্টু নাথৰ নিথৰ দেহ। আৰক্ষীৰ অধিক তদন্তৰ পিছতে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য(
Sensational Incident in Mangaldoi)।
লগতে পঢ়ক : Dead body recovered in Mangaldoi : মঙলদৈত কাপোৰেৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ